আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্রেপ্তাৰৰ দাবী বৰাকৰ সাংসদ সুস্মিতা দেবৰ

susmita

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ সমগ্ৰ ৰাজ্যত তোলপাৰ লাগি থকাৰ সময়তে আলোচনাপন্থী আলফা তথা খিলঞ্জীয়া মঞ্চৰ নেতা জিতেন দত্তক গ্রেপ্তাৰৰ দাবী জনাইছে শিলচৰৰ সাংসদ তথা সর্বভাৰতীয় মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেবে।

উল্লেখযোগ্য যে জিতেন দত্তই এহেজাৰ অসমীয়া যুৱকক লৈ বৰাক উপত্যকাত উপস্থিত খিলঞ্জীয়াৰ প্রভুত্ব স্থাপন কৰিব বুলি ভাবুকি দিয়াৰ পাছত বৰাকত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল। জিতেন দত্তৰ উক্ত বক্তব্যৰ বিৰুদ্ধে প্রতিবাদ জনাই সাংসদ সুস্মিতা দেবে কাছাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনক সাক্ষাত কৰি আলোচনাপন্থী আলফা নেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ আহ্বান জনায়।

সুস্মিতা দেবে এই সন্দৰ্ভত কয়— ‘জিতেন দত্তৰ ভাবুকিয়ে বৰাক আৰু ব্রক্ষ্মপুত্র উপত্যকাৰ মাজত সম্প্রীতি নষ্ট কৰিছে।

ইয়াৰ পৰৱর্তী সময়ত জিতেন দত্তই সুস্মিতা দেবক প্রত্যাহ্বান জনাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সন্দৰ্ভত সুস্মিতাক নিজৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনায়। ইয়াৰ বিপৰীতে দেওবাৰে শিলচৰত এখন সংবাদ মেলত সুস্মিতা দেবে, গুৱাহাটীত সভা পাতি আৰু ছচিয়েল মিডিয়া, ফে’চবুকত জিতেন দত্তই বৰাকবাসীৰ বিৰুদ্ধে যিদৰে চেলেঞ্জ জনাইছে, সেই ক্ষেত্ৰত ৰাজ্যৰ মুখ্য মন্ত্রী সর্বানন্দ সোণোৱাল কিয় নিশ্চুপ হৈ আছে আৰু কোনো ব্যৱস্থা লোৱা নাই বুল‌ি প্ৰশ্ন কৰে। বিজেপি নেতা বা প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে কিবা ক’লেই বা ৰাহুল গান্ধীয়ে কিবা অলপ ক’লেই গোচৰ তৰা হয়। বঙালী লোকসকলক কাটি টুকুৰা-টুকুৰ কৰা হ’ব বুলি কোৱাৰ পাছতো কাকো আটক নকৰাৰ বিষয়টো ৰহস্যজনক বুলি তেওঁ মত প্রকাশ কৰে।

সুস্মিতা দেবে লগতে কয়যে  ‘ডি ভোটা’ৰ আৰু বিদেশীক কি কৰা হ’ব সেয়া দেশৰ সংবিধানত উল্লেখ আছে। কোনো বিদেশী নাগৰিকক কি কৰা হ’ব সেয়া আইনে ক’ব। ইয়াত জিতেন দত্তই কৰিবলগীয়া একো নাই।

আনহাতে বিজেপিৰ জনসম্পর্ক অভিযান সন্দর্ভত সুস্মিতা দেবে কয় যে হিন্দী বলয়ৰ ৰাজ্যত বিজেপিৰ প্রতি ৰাইজৰ মোহ কমিছে বাবেই উত্তৰ-পূব ভাৰতৰ প্রতি বিজেপিৰ ইমান মোহ বাঢ়িছে। বিজেপিৰ ‘জনসম্পর্ক অভিযান’ক এখন নাটক বুলি উল্লেখ কৰি তেওঁ কয়— ‘অমিত শ্বাহে কৃষকৰ ঘৰলৈ নোযোৱাকৈ কপিল দেৱ, মাধুৰী দীক্ষিতৰ ঘৰলৈ যায়। অথচ যিজন কৃষকে আত্মহত্যা কৰিছে তেওঁৰ ঘৰলৈ গৈ এবাৰো খবৰ নলয়। অনুৰূপভাৱে সর্বানন্দ সোণোৱালেও ডি ভোটাৰ বা কৃষকৰ ঘৰলৈ গৈ কোনো খবৰ নলয়। যিসকল যুৱক নিবনুৱা তেওঁলোকৰ কোনো খবৰ নলয় বিজেপিয়ে।

সাংসদ সুস্মিতাই লগতে কয় যে ‘মুখ্য মন্ত্রী সর্বানন্দ সোণোৱাল এজন ভাল মানুহ। মুখ্যমন্ত্রী হিচাপে তেওঁক শ্রদ্ধা কৰোঁ। কিন্তু যিটো বিষয় লৈ ৰাজ্য তোলপাৰ, সেই বিষয় তথা নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এবাৰো একোৱেই ৰাইজৰ উদ্দেশ্যে প্রকাশ নকৰাৰ বিষয়টো আশ্চর্যজনক’।