NORTHEAST NOW (Assamese)

আৰক্ষীয়ে এতিয়াও বিচাৰি পোৱা নাই শ্বেতা আগৰৱালাৰ ম’বাইল

May 18, 2018 6:47 pm · এন ই নাও নিউজ

শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ গুৰুত্বপূৰ্ণ ক্লু দিব পৰাৰ সম্ভাৱনা থকা শ্বেতাৰ ম’বাইল ফোনটোৰ সন্ধান এতিয়াও উলিয়াব পৰা নাই আৰক্ষীয়ে। শ্বেতাৰ ফোনটোৰ সন্ধানত আৰক্ষীয়ে কেইবা ঠাইতো আৰু কেইবা ঘৰতো অভিযান চলাইছে যদিও এতিয়ালৈকে ফোনটো উদ্ধাৰ কৰাত আৰক্ষী চূড়ান্তভাৱে ব্যৰ্থ হৈছে।

আনহাতে সমগ্ৰ ৰাজ্য জোকাৰি যোৱা তথা ৰাজ্যত তোলপাৰ লগোৱা শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ তদন্ত চলি থকা অৱস্থাতে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংহালৰ জামিন মঞ্জুৰ কৰে।

আনহাতে এই সন্দৰ্ভত কামৰূপ সত্ৰ আদালতত স্থাপন কৰা ফাষ্ট ট্ৰেক ক’ৰ্টত এক বিশেষ শুনানি প্ৰক্ৰিয়া বৰ্তমানো চলি আছে।

পূৰ্বতে শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংহালে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিনৰ বাবে জনোৱা আবেদন ন্যায়ালয়ে খাৰিজ কৰিছিল যদিও শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ আন দুগৰাকী অভিযুক্ত তথা গোবিন্দ সিংহালৰ মাতৃ আৰু বায়েকৰ জামিন আবেদন ন্যায়ালয়ে মঞ্জুৰ কৰিছিল।

অৱশ্যে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্বেতা আগৰৱালাৰ মূল অভিযুক্ত গোবিন্দ সিংহালৰ জামিন মঞ্জুৰ কৰে।

উল্লেখযোগ্য যে ৪ ডিচেম্বৰত গোবিন্দ সিংহাল আৰু শ্বেতা আগৰৱালাৰ মাজত প্ৰথম অৱস্থাত দুয়োৰে মাজত তৰ্কাতৰ্কি হৈছিল আৰু পিছলৈ দুয়োৰে মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

সেই সংঘৰ্ষৰ পৰিণাম হিচাপে গোবিন্দ সিংহালে শ্বেতা আগৰৱালক হত্যা কৰি পিছত শ্বেতা আগৰৱালাৰ মৃতদেহ এটা বাথৰুমত নি জ্বলাই দি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল।

 

Related News