আৰক্ষীৰ অভিযানত শিলচৰত গভাইত চোৰ আটক

কালি নিশা শিলচৰ আৰক্ষীয়ে এক অভিযান চলাই কামৰুল ইছলাম বৰভুঞা নামৰ এজন দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জনোৱা মতে ধৃত কামৰুল ইছলাম ওৰফে লেখই মটৰচাইকেল চুৰিকাৰ্যৰ প্ৰায় ৫,০০০ টা গোচৰৰ সৈতে জড়িত।

প্ৰাপ্ত তথ্য অনুসৰি যোৱা শুক্ৰবাৰে নিশা ৰংগিৰখাৰি আৰক্ষী আৰু কাচাৰৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দলে চলোৱা এক যুটিয়া অভিযানত কামৰুল ইছলামৰ বাসগৃহৰ পৰা অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছিল, ইয়াৰ পিছতে কালি আৰক্ষীয়ে দুৰ্বৃত্তজনক আটক কৰে।

২০০৭ চনৰে পৰা তেওঁ গাড়ী চুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰিছে বুলি জানিবলৈ দি আৰক্ষীয়ে কয়, ‘কামৰুলে ড্ৰাগছৰ সৰবৰাহ আৰু দুজনলোকৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰিছে। আনহাতে চুৰি গাড়ীসমূহ তেওঁ মণিপুৰ আৰু মিজোৰামত বিক্ৰী কৰে।’

অধিক তথ্যৰ বাবে আৰক্ষীয়ে বৰ্তমান তদন্ত আৰম্ভ কৰিছে।