গোলাঘাটৰ বগীধলা চাহ বাগিচাৰ মালিক পক্ষই শ্ৰমিকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ কৰিবলৈ ওলাই অহা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ ওপৰত যোৱা কালি গোলাঘাট আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত ৬ টাকৈ সংগঠনে জনোৱা বন্ধৰ প্ৰভাৱ আজি গোলাঘাট জিলাত সৰ্বাত্মক ৰূপত পৰা দেখা যায়। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ উপ-আৰক্ষী অধীক্ষক প্ৰাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত অহা আৰক্ষীৰ দলে মঙলবাৰে ছাত্ৰ মুক্তি সংগ্ৰমা সমিতিৰ সদস্যৰ ওপৰত কৰা আক্ৰমণৰ ফলত সংগঠনটোৰ চাৰি জনকৈ কৰ্মী গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’ব লগীয়া হৈছিল। আৰক্ষীৰ এই বৰ্বৰতাই সমগ্ৰ ৰাজ্যখনৰে সচেতন মহলক ক্ষোভিত কৰি তোলাৰ লগতে সামাজিক মাধ্যম আদিৰ জৰিয়তে বিভিন্নজনে আৰক্ষীৰ এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়া দেখা গৈছে। গোলাঘাটৰ ৬ টা সংগঠন ক্ৰমে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ মুক্তি সংগ্ৰাম সমিতি, সংগ্ৰামী যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, আহোম সেনা আৰু অসম সংখ্যা লঘু ছাত্ৰ সন্থাই আজি আৰক্ষীৰ গুণ্ডাগিৰিৰ প্ৰতিবাদত আহ্বান জনোৱা বন্ধৰ প্ৰতি জিলাখনৰ ৰাইজে স্বতস্ফুৰ্তভাৱে সঁহাৰি জনায়। বন্ধৰ সমৰ্থকসকলে নুমলীগড়, খুমটাই, পোৰাবাংলা, ৰঙাজান, তেতেলীতল, বেঙেনাখোৱা, গোলাঘাট টাউন আদি জিলাখনৰ বিভিন্ন স্থানত পুৱাৰ ভাগতে ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধৰ কালছোৱাত জিলাখনৰ শিক্ষাপ্ৰতিষ্ঠান, দোকান-পোহাৰ, বেংক আদিৰ লগতে সকলো ধৰণৰ যান-বাহনৰ চলাচলো বন্ধ থাকে। বন্ধৰ সময়ছোৱাত জিলা প্ৰশাসনে কটকটীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বৰ্তমানলৈকে কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ খবৰ পোৱা নাই।
আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৬ সংগঠনে আহ্বান জনোৱা গোলাঘাট বন্ধৰ প্ৰভাৱ সৰ্বাত্মক
-
By NE NOW NEWS
- Categories: অসম
Related Content
প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰকঃ ডি ৱাই এফ আই
By
প্ৰবীণ দাস
September 16, 2024 7:42 pm
এটাও পৰীক্ষা নিকাকৈ পাতিব নোৱাৰে চৰকাৰে! ভাইৰেল হ’ল ১৫ ছেপ্তেম্বৰৰ ADRE ৰ প্ৰশ্নকাকত
By
প্ৰবীণ দাস
September 16, 2024 6:23 pm
মিছামাৰী সামৰিক ষ্টেচনত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ উদ্যোগত পানী বিশুদ্ধকৰণ প্ৰযুক্তি সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী
By
প্ৰবীণ দাস
September 16, 2024 4:38 pm
তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানি সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক অভিযোগ আপৰ
By
প্ৰবীণ দাস
September 16, 2024 3:38 pm
এক দেশ-এক নিৰ্বাচনৰ দ্বাৰা কাৰ কিমান লাভ? কোন দেশত আছে এই আৰ্হি, ভাৰতত প্ৰত্যাহ্বান কি?
By
প্ৰবীণ দাস
September 16, 2024 2:49 pm
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৭২ ঘন্টীয়া অনশনৰ সামৰণি
By
প্ৰবীণ দাস
September 16, 2024 1:06 pm