NORTHEAST NOW (Assamese)

আৰক্ষী-আবকাৰী বিভাগৰ যৌথ অভিযান : মাজুলীত উৎখাত অবৈধ সুৰাৰ ঘাটি

April 5, 2018 10:34 am · মিটু খাটনিয়াৰ
Updated: April 5, 2018 10:37 am
অবৈধ সুৰাৰ ঘাটি উৎখাত

মাজুলীৰ আবকাৰী বিভাগ আৰু মাজুলী আৰক্ষীয়ে বুধবাৰে যৌথভাৱে চলোৱা সুৰা-বিৰোধী এক অভিযানত মাজুলীত এটা অবৈধ সুৰাৰ ঘাটি উৎখাত কৰে।

মাজুলীৰ আবকাৰী চক্ৰ পৰিদৰ্শক অৰুণজ্যোতি ভৰালী আৰু আৰু গড়মূৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত যোৱা যৌথ অভিযানকাৰী দলটোৱে বুধবাৰে দুপৰীয়া গড়মূৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুটুকী, মহখুটি, বৰগুৰি, চিতাধৰচূক, গোপালপুৰ, কৰ্দৈগুৰি, বালিচাপৰি আৰু ছেলেক ঘাটত তালাচী চলাই প্ৰায় ১২০০ লিটাৰ চুলাই মদ ধ্বংস কৰে।

তেওঁলোকে লগতে তালাচীত অবৈধ বিদেশী সুৰাও জব্দ কৰে আৰু সেইবোৰো ধ্বংস কৰে।

আৰক্ষী আৰু আবকাৰী বিভাগে এনেধৰণৰ অবৈধ কাৰবাৰত জড়িত থকাৰ অভিযোগত ব্যক্তিসকলৰ বিৰুদ্ধে  ৬ টা গোচৰ ৰুজু কৰিছে।

উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে শোণিতপুৰ জিলাৰ ৰাঙাপাৰাত আবকাৰী বিভাগৰ বিষয়াই চাৰিদুৱাৰ আৰক্ষী থানাৰ অধীনৰ দুগৰাকী ব্যক্তিৰ পৰা ৬০ বাকচ আইএমএফএল/বীয়েৰ জব্দ কৰে।

শোণিতপুৰৰ আবকাৰী অধীক্ষকৰ নিৰীক্ষণৰ অধীনত তালাচীটো চলোৱা হৈছিল।

জব্দ কৰা সুৰাখিনি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিক্ৰীৰ বাবে নিবলৈ ৰখা হৈছিল।

Related News