আৰক্ষী বিষয়াৰ দাদাগিৰীৰ বিৰুদ্ধে হাফলং-শিলচৰ ঘাইপথ অৱৰোধ উত্তেজিত শ্ৰমিকৰ

road-block

প্ৰতিনিধিত্বমূলক চিত্ৰ

ডিমা হাচাওৰ উপ আৰক্ষী অধীক্ষক অতুল মৰাঙে হাৰাঙ্গাজাওত সাধাৰন শ্ৰমিক ৰাইজৰ ওপৰত চলোৱা শাৰিৰিক অত্যাচাৰৰ প্ৰতিবাদত আজি দিনৰ ১২ মান বজাৰ পৰা হাৰাঙ্গাজাও ডিটকচড়াৰৰ একাধিক সংগঠনে হাফলং-শিলচৰ ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি বুধবাৰে নিশা হাৰাঙ্গাজাও-ডিটকচড়াৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাৰনে গছ কাটি থকাত কিছু সময়ৰ বাবে ঘাইপথ বন্ধ হৈ পৰে। তেনে সময়ত হাফলঙৰ পৰা উপ আৰক্ষী অধীক্ষক অতুল মৰাঙ শিলচৰ অভিমুখে যোৱাৰ কাৰনে সেই ঠাইত উপস্থিত হৈ ঘাইপথ অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে শ্ৰমিকসকলক দাবি জনায়।

কিন্তু ডাঙৰ গছ হোৱা কাৰনে ৰাজপথ মুকলি কৰি দিয়াত অলপ পলম হয়। উক্ত ঘটনাক কেন্দ্ৰ কৰিয়ে ক্ষুভিত হৈ মৰাঙে শ্ৰমিক সকলক শাৰিৰিক আক্ৰমণ চলোৱাৰ লগতে নিজৰ চাৰ্ভিছ বন্দুকেৰে আঘাত কৰে।

আৰক্ষীগৰাকীৰ এনে কাৰ্য ক্ষুব্ধ হৈয়ে শ্ৰমিকসকলে আজি ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অভিযুক্ত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ লগতে শাস্তিৰ দাবি জনায় প্ৰতিবাদকাৰীসকলে। পাছত ঘটনাস্থলীত উপস্থিত হয় ডিমা হাচাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক প্ৰশান্ত দত্ত। আৰু অৱৰোধ কাৰ্যসূচী আবেলি পাঁচমান বজাত প্ৰত্যাহাৰ কৰা হয়।

অতিৰিক্ত আৰক্ষী অধীক্ষকক প্ৰশান্ত দত্তয় কয় যে অভিযোগ পাইছো যে ডিএছপি (সদৰ) অতুল মৰাঙে একাধিক শ্ৰমিকৰ ওপৰত আক্ৰমন চলাইছে। আমি বিষয়টো গুৰুত্ব সহকাৰে লৈছো।

উল্লেখনীয় যে চলিত বছৰৰ ২৫ জানুৱাৰীত মাইবাঙত আৰক্ষীৰ গুলিত দুই যুবক নিহত হৈছিল। যি ঘটনাক লৈ জিলাজুৰি চাঞ্চ্যল্যই বিৰাজ কৰিছিল। অৱশ্যে এনে ঘটনাৰ চাৰি মাহৰ পাছত হাৰাঙ্গাজাওত আৰক্ষী বিষয়াই কৰা দাদাগিৰীত ক্ষোভিত হৈ পৰিছে সাধাৰন ৰাইজ ।

এই প্ৰসংগত আডছু সভাপতি উত্তম লাঙঠাচায় কয়, ‘আৰক্ষীৰ এনে অত্যাচাৰ অতিকৈ দুৰ্ভাগ্যজনক। আৰক্ষীৰ আক্ৰমণত গুৰুতৰভাৱে আহত সঞ্জীৱ জিদুঙক ক্ষতিপূৰণ দিয়াৰ লগতে আৰক্ষী বিষয়াৰ বিৰুদ্ধ আইনগত ব্যৱস্থা ল’ব লাগে’।

উল্লেখনীয় যে আৰক্ষীৰ আক্ৰমণত আহত সঞ্জীৱক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।