• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰম্ভ হ’ল জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা : ৰাজনাথ সিঙে ক’লে ২২০ বছৰীয়া এনে পৰম্পৰাগত অনুষ্ঠানত ভাগ লৈ পোৱা নাই কেতিয়াও

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
March 1, 2018 8:48 pm
361
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা ব্যাপক উৎসাহ-উদ্দীপনাৰে আৰম্ভ হ’ল দুই শতিকা পাৰ কৰা জামুগুৰিহাটৰ বিখ্যাত বাৰেচহৰীয়া ভাওনা। কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে আজি জামুগুৰিহাটৰ পকামূৰা পথাৰত ২৮ সংখ্যক বাৰেচহৰীয়া ভাওনাৰ শুভাৰম্ভ কৰে।

বাৰেচহৰীয়া ভাওনা উদ্বোধন কৰি মন্ত্ৰীজনে ‘২২০ বছৰ আগতেই আৰম্ভ হোৱা এনে পৰম্পৰাগত ঐতিহাসিক অনুষ্ঠানত মই কেতিয়াও অংশ লৈ পোৱা নাই’ বুলি মন্তব্য কৰে।

ৰাজ্যৰ সাংস্কৃতিক আইকন ভূপেন হাজৰিকাক অসমৰে নহয় বৰং সমগ্ৰ ভাৰতৰে এজন প্ৰবাদপুৰুষ বুলি শ্ৰদ্ধাৰে সুঁৱৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে শোণিতপুৰৰ জিলাৰ পৰাই ওলোৱা অসমৰ সাংস্কৃতিক জগতৰ ত্ৰিমূৰ্তি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নট সূৰ্য্য ফণী শৰ্মাৰ বিষয়েও উল্লেখ কৰে।

Jamugurihat- Barechaharia Bhowna inaugurate Rajnath Singh

সাংস্কৃতিক জগতলৈ এইসকল শিল্পীৰ অৱদান কেতিয়াও পাহৰিব পৰা নাযায় বুলি তেওঁ মন্তব্য কৰে।

ভাওনা পৰম্পৰাৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক প্ৰণাম জনাই সিঙে কয়, ‘মই তেওঁৰ কথা শুনিছিলো আৰু তেওঁৰ জীৱনাদৰ্শ অসমৰ সমাজে কিদৰে অনুসৰণ কৰি আহিছে সেয়া আজি দেখিলো।’

মহাপুৰুষজনৰ জীৱ্নাদৰ্শ ধৰি ৰখাৰ বাবে তেওঁ সমগ্ৰ অসমৰ ৰাইজকে ‘অন্তৰৰ পৰা অভিনন্দন’ জনায় তেওঁ সকলো লোককে সাংস্কৃতিক সম্প্ৰীতি বজাই ৰখাৰ বাবে আহ্বান জনায়।

স্থানীয় বিধায়ক তথা আয়োজক সমিতিৰ সভাপতি পদ্ম হাজৰিকাই গৃহ মন্ত্ৰীগৰাকীক আদৰণি জনাই বাৰেচহৰীয়া ভাওনাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতি জামুগুৰিহাটবাসীয়ে কেতিয়াও নাপাহৰে বুলি কয়।

বিধায়কজনে ২০১৪ চনৰ ২৪ ডিচেম্বৰত বিশ্বনাথ চাৰিআলিত আদিবাসী লোকৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত ঘটনাস্থলীত উপস্থিত হৈ নিৰাপত্তা বাহিনীক ‘অপাৰেচন ব্লেক আউট’ আৰম্ভ কৰিবৰ বাবে সিঙে দিয়া নিৰ্দেশৰ বাবে মন্ত্ৰীজনক ধন্যবাদ জনায়।

অসমৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে কয় যে, ‘২০১৪ চনৰ ডিচেম্বৰত মই অসমৰ মাটিত হিংসাৰ কোনো স্থান নাই বুলি কৈছিলো। মই সুখী যে অসমৰ আইন-শৃংখলা পৰিস্থিতিৰ উন্নতি হৈছে।’

‘অসমত হিংসাৰ যুগৰ অৱসান ঘটিছে’ বুলি মন্তব্য কৰি গৃহ মন্ত্ৰীজনে কয় যে ‘গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই। গণতন্ত্ৰ আলোচনা আৰু কথা-বতৰাৰ যোগেদি চলে, বন্দুকেৰে নহয়।’

আজিৰ অনুষ্ঠানত সিঙক সংগ দিয়ে ৰাজ্যৰ কেবিনে’ট মন্ত্ৰী ৰঞ্জিত দত্ত আৰু তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই।

Recent News

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

টাটা কনছালটেন্সিৰ কৰ্মচাৰীৰ গণ বহিষ্কাৰৰ মাজতে ইনফ’ছিছৰ বৃহৎ ঘোষণাঃ ২০ হাজাৰ কৰ্মচাৰীয়ে পাব চাকৰি

টাটা কনছালটেন্সিৰ কৰ্মচাৰীৰ গণ বহিষ্কাৰৰ মাজতে ইনফ’ছিছৰ বৃহৎ ঘোষণাঃ ২০ হাজাৰ কৰ্মচাৰীয়ে পাব চাকৰি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd