কিছুমান অপশিক্তয়ে অসমত অশান্তি সৃষ্টি কৰিবলৈ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ গোটেই প্ৰক্ৰিয়াটো বিঘ্নিত কৰাৰ চেষ্টা চলাইছে যিটো ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানীখনত সংঘটিত কিছুমান ঘটনাই স্পষ্ট কৰি তুলিছে। ৰাজ্যখনৰ গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী সোণোৱালে এনে অপশক্তিবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি আইনমতে শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। শুকুৰবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি কামৰুজ জামান সৰকাৰে। বিজ্ঞপ্তিত লগতে কোৱা হৈছে যে মাদানি আৰু টোগাড়িয়াৰ দৰে অসমত ভিত্তি নোহোৱা আমদানিকৃত নেতাই হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ প্ৰয়াস কৰে আৰু এনে নেতাবোৰে কেৱল হিন্দু আৰু মুছলমানৰ মাজত বিভাজনহে আনিব। তেওঁ লগতে কয় যে অসমত এতিয়াও হিন্দু আৰু মুছলমানৰ মাজত ভাতৃত্ববোধ, শান্তি আৰু সম্প্ৰীতি বৰ্তি আছে। তেওঁ লগতে ৰাজ চৰকাৰে পূৰ্বতে ঘোষণা কৰাৰ দৰে নিৰ্দিষ্ট সময়ৰ ভিতৰতে এ ন আৰ চিৰ খচৰা প্ৰকাশ কৰাৰো দাবী তোলে।
আৰ্ছাদ মাদানিৰ অসমত কোনো ভিত্তি নাই : আমছু
-
By NE NOW NEWS
- Categories: অসম
Related Content
IPL 2024: ১০ অভাৰতে ১৬০ ৰান অতিক্ৰম কৰি জয়ী কামিন্স বাহিনী; লক্ষ্ণৌক পৰাস্ত কৰি অভিলেখ হায়দৰাবাদৰ
By
নিজা সংবাদদাতা, নগাওঁ (হয়বৰগাওঁ)
May 9, 2024 7:44 am
কাইলৈ ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল
By
নিজা সংবাদদাতা, নগাওঁ (হয়বৰগাওঁ)
May 8, 2024 9:29 pm
অঘটন : EVM কঢ়িয়াই অনা গাড়ীত খুন্দিয়াই সংকটজনক অৱস্থাত বাইক আৰোহী
By
নিজা সংবাদদাতা, নগাওঁ (হয়বৰগাওঁ)
May 8, 2024 10:28 am
নিৰ্বাচনৰ আগত ধন বিলাই হাতে-লোটে ধৰা পৰিল ইউ পি পি এলৰ নেত্ৰী, আৰক্ষীয়ে জব্দ কৰিলে টকাৰ বাণ্ডিল
By
নিজা সংবাদদাতা, নগাওঁ (হয়বৰগাওঁ)
May 7, 2024 5:52 pm
অনবদ্য মেডোনা, ব্ৰাজিলৰ কোপাকাবানাত অনুষ্ঠিত হোৱা কনচাৰ্ট উপভোগ কৰিলে ১৬ লাখ দৰ্শকে!
By
নিজা সংবাদদাতা, নগাওঁ (হয়বৰগাওঁ)
May 7, 2024 2:18 pm
আজিৰ নিৰ্বাচনত অৱতীৰ্ণ আটাইতকৈ ধনী প্ৰাৰ্থী ১৩৬১কোটিৰ গৰাকী! তৃতীয় স্থানত শিৱাজীৰ বংশধৰ
By
নিজা সংবাদদাতা, নগাওঁ (হয়বৰগাওঁ)
May 7, 2024 12:08 pm