আৰ্থিক সংকটৰ মুখামুখি নোহোৱাকৈয়ে সকলোৱে গুণগত স্বাস্থসেৱা লাভ কৰা উচিত : ৰাজ্যপাল পি বি আচাৰ্য্য

pb_acharya

আজি বিশ্ব স্বাস্থ্য দিৱসৰ দিনা নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য্যই ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ লগতে সকলো ব্যক্তিগত খণ্ডৰ চিকিৎসা কেন্দ্ৰকে সমাজৰ কল্যাণৰ স্বাৰ্থত চিকিৎসাসেৱা আগ বঢ়াই যাবলৈ আৰু Universal Health Coverage ৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিবলৈ আহ্বান জনায়।

‘সৰ্বসাধাৰণে গুণগত স্বাস্থ্য সেৱা পাবলৈ যাওঁতে আৰ্থিক সংকটৰ মুখামুখি হোৱা উচিত নহয়।’ ৰাজ্যপালজনে কয়।

আনহাতে ৰাজ্যখনৰ জনসাধাৰণক উত্তম স্বাস্থ্যৰ অধিকাৰী হৈ জীয়াই থাকিবলৈ আৰু আনকো স্বাস্থ্যসন্মত জীৱন যাপনত উৎসাহিত কৰিবলৈ পৰামৰ্শ দিয়ে।

তেওঁ কয় যে বিশ্ব স্বাস্থ্য দিৱস হ’ল বিশ্ব স্বাস্থ্য সজাগতা দিৱস, যিটো ৭ এপ্ৰিলত উদযাপন কৰা হয়। এইবাৰ এইটো ৭০ সংখ্যক বিশ্ব স্বাস্থ্য দিৱস। এই ৭০ সংখ্যক দিৱসৰ মূল বক্তব্য হ’ল “Universal Health Coverage: Everyone, Everywhere” আৰু আমি ইয়াৰ ওপৰত দৃষ্টি ৰাখিবই লাগিব। ইয়াৰ অৰ্থ হ’ল আৰ্থিক সংকটৰ সন্মুখীন নোহোৱাকৈ সকলো ঠাইৰে সকলো লোকেই প্ৰয়োজনীয় গুণগত স্বাস্থ্যসেৱা লাভ কৰিবই লাগিব।