আৰ এছ এছৰ মুৰব্বী মোহন ভগৱত জানুৱাৰিত অসমলৈ

ৰাজ্যখনত সাংগঠিক ভেটি অধিক মজবুত কৰাৰ লক্ষ্য লৈ আৰ এছ এছৰ মুৰব্বী মোহন ভগৱতে অহা জানুৱাৰিৰ মাজভাগত অসম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ সময়ছোৱাত তেওঁ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত লুইত পৰীয়া হিন্দু সমাৱেশ নামৰ এটা ৰেলিত ভাষণ দিয়াৰ কথা। উক্ত ৰেলি অহা ২১ তাৰিখে হ’ব বুলি আমাক সূত্ৰটোৱে জনাইছে। এই ৰেলিটো আয়োজন কৰিছে আৰ এছ এছৰ উত্তৰ অসম গোটে। আৰ এছ এছৰ সূত্ৰটোৱে জনোৱামতে আয়োজকসকলে প্ৰায় ৮০ হাজাৰ সদস্যৰ উপস্থিতি আশা কৰিছে। মুৰব্বীজনে উত্তৰ-পূবৰ কাৰ্য্যকৰ্তাসকলৰ সৈতেও মত বিনিময় কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া তথা অহা ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ আগত বিজেপি শাসিত ৰাজ্যখনলৈ ভগৱতৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। হিন্দু বাংলাদেশীৰ ইচ্ছ্যুটোৱে ৰাজ্যৰ পৰিস্থিতিত এক মৃদু জোকাৰনি দি থকাৰ সময়তে মোহন ভগৱতৰ ভ্ৰমণে ৰাজ্যখনত ধৰ্মীয় মেৰুবিভাজনত অধিক উচটনি দিব পাৰে বুলিও বহুতে আশংকা কৰিছে।  আৰ এছ এছৰ সূত্ৰই কয় যে এই ধৰণৰ বৃহৎ সভা অসমত এয়াই প্ৰথম হ’ব আৰু ইতিপূৰ্বে প্ৰায় ৪০ হাজাৰ আৰ এছ এছ কৰ্মীয়ে উক্ত সভাত উপস্থিত থকাৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে। সংঘৰ কৰ্মীৰ উপৰি বিজেপিৰ নেতা-কৰ্মী, এবিভিপিৰ সদস্য তথা নেতা আৰু অন্যান্য সমভাবাপন্ন দল-সংগঠনৰ নেতা উপস্থিত থাকিব। সূত্ৰটোৱে আৰু লগতে কয় ৰেলিত সমৰকলা আৰু কুচকাৱাজকে ধৰি উত্তৰ-পূবৰ চহকী সংস্কৃতি, ধৰ্মীয় আৰু অন্যান্য পৰম্পৰাৰ প্ৰদৰ্শন কৰা হ’ব। আৰ এছ এছৰ মুৰব্বীজনে সংঘ পৰিবাৰৰ উত্তৰ-পূব সম্পৰ্কীয় নীতি ঘোষণা কৰাৰো সম্ভাৱনা আছে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মোহন ভগৱত যোৱা মে’ মাহত হোজাইৰ গীতাশ্ৰমত অনুষ্ঠিত এটা চাৰি দিনীয়া কাৰ্য্যসূচীত ভাগ ল’বলৈ আহিছিল।