আৱাসিক অঞ্চললৈ উপযুক্ত খোৱাপানীৰ যোগান নথকাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে তৃতীয় স্থানত

চৰকাৰী সূত্ৰত প্ৰকাশিত এটা গুৰুত্বপূৰ্ণ তথ্যমতে আৱাসিক অঞ্চললৈ উপযুক্ত খোৱাপানী যোগানৰ ক্ষেত্ৰত বিফলতাৰ মাপেৰে অসম দেশৰ ভিতৰতে শীৰ্ষ তিনিখন ৰাজ্যৰ ভিতৰত আছে। সূত্ৰটোত পোৱা তথ্য মতে মৰু অঞ্চল থকা ৰাজস্থান আৰু চুবুৰীয়া পশ্চিমবংগৰ পিছতে অসমৰ নাম আছে এই তালিকাত। তথ্যমতে অসমৰ মুঠ ৮৭৭২ টা আৱাসিক অঞ্চললৈ উপযুক্ত খোৱাপানীৰ যোগান নাই। এই পৰিমাণ ৰাজস্থানৰ ক্ষেত্ৰত ২০৪৯৮ টা আৰু পশ্চিম বংগৰ ৯৭২৬ টা।

আনহাতে উত্তৰ-পূবৰ বাবে গৌৰৱ বুলি ক’ব পৰাকৈ ছিকিম, মণিপুৰ আৰু মিজোৰাম চৰকাৰে তেওঁলোকৰ ৰাজ্যৰ ১০০ আৱাসিক অঞ্চললৈ উপযুক্ত খোৱাপানীৰ ব্যৱস্থা কৰা বুলি সূত্ৰটোত প্ৰকাশ। প্ৰতিবেদনটোত আন কেইটামান গুৰুত্বপূৰ্ণ তথ্যও প্ৰকাশ পাইছে। তথ্যমতে অসমৰ মুঠ ২৩৪৩৮ টা আৱাসিক অঞ্চলত প্ৰতিদিন হিচাপত প্ৰতিজন লোকৰ বিপৰীতে ৪০ লিটাৰতকৈ কম পৰিমাণে পানীৰ যোগান ধৰা হয়। আনহাতে ৫৫৮৮৯ টা অঞ্চলত গাইপতি ৪০ লিটাৰতকৈ অধিককৈ বিপদমুক্ত পানী পায়।

এই তথ্য অৱগত হৈ খোৱাপানী আৰু অনাময় মন্ত্ৰ্যালয়ে পানীৰ গুৰুত্ব, ইয়াৰ বিবেচনাপূৰ্ণ ব্যৱহাৰ আৰু মিতব্যয়িতা তথা সংৰক্ষণৰ প্ৰয়োজন সম্পৰ্কত মানুহক সজাগ কৰিবলৈ অডিঅ’ আৰু ভিডিঅ’ সমলেৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ত অভিযান আৰম্ভ কৰিছে।

‘ৰাজ্যবিলাকেও আমাৰ এই অভিযানক হ’ৰ্ডিং, দেৱাল লিখন, শ্ল’গান, ছবি, সৰু সৰু গোট সভা, বাটৰ নাট আদিৰে আগুৱাই নিব।’ মন্ত্ৰ্যালয়টোৰ এজন জ্যেষ্ঠ বিষয়াই কয়।
ৰাজ্যসমূহৰ দ্বাৰা গাওঁ পঞ্চায়তৰ সদস্যসকলৰ প্ৰশিক্ষণ, আৰু গাওঁ পঞ্চায়ত জল আৰু অনাময় সমিতি, পানীৰ গুণাগুনৰ বিষয়ে গ্ৰাম্য জল আৰু অনাময় কমিটি গঠন কৰা হয়।
ইয়াৰোপৰি ৰাজ্যবোৰৰ দ্বাৰা পানীৰ গুণাগুণ তথা পানীৰ সৈতে সম্পৰ্ক থকা স্বাস্থ্যজড়িত বিষয়বোৰ সম্পৰ্কত আন্তঃব্যক্তি ভাব বিনিময় কৰা হয়। সৰ্বোপৰি প্ৰতিবছৰে সজাগতা সৃষ্টিৰ বাবে ২২ মাৰ্চত বিশ্ব জল দিৱস পালন কৰা হয়।