NORTHEAST NOW (Assamese)

আৱেগ নহয়, য়ুনিক’ডত অসমীয়া লিপি পৃথক হোৱাৰ যথেষ্ট যুক্তি আছে : ডাঃ সত্যকাম ফুকন

June 24, 2018 11:19 pm · কল্পজ্যোতি শইকীয়া
Updated: June 29, 2018 10:04 pm

আজি খানাপাৰাত খিলঞ্জীয়া মঞ্চ অসমৰ উদ্যোগত আয়োজিত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক’ৰ বিৰোধিতাৰ প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকি য়ুনিক’ড আৰু আই অ’ এছত অসমীয়া লিপিৰ স্বতন্ত্ৰতাৰ হকে যুঁজ দি থকা সচেতন ব্যক্তি তথা চিকিৎসক ডাঃ সত্যকাম ফুকনে বৰ্তমান অসমীয়া লিপিৰ বিষয়টো, বিশেষকৈ য়ুনিক’ড মানত অসমীয়া লিপিৰ স্বকীয়তা প্ৰতিষ্ঠাৰ সংগ্ৰামখনৰ কিছু ছবি দাঙি ধৰে। তেওঁ এই প্ৰক্ৰিয়াটোৰ ইতিহাস বিৱৰি কোৱাৰ লগতে লিপিটোৰ স্বকীয়তা প্ৰতিষ্ঠাৰ বাবে আপোচহীন সংগ্ৰাম চলাই যোৱাৰ কথা কয়।

বিষয়টোত প্ৰথমৰ ফালে চৰকাৰৰ কামত ত্ৰুটি থকাৰ কথা কৈ কয়, “অসম চৰকাৰে ইয়াৰ বাবে গঠন কৰা কমিটীখনত কিছুসংখ্যক অনভিজ্ঞ মানুহ সোমোৱাই থৈছিল। পৰমানন্দ ৰাজবংশীয়ে সকলো মানুহক একত্ৰিত কৰিলে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিখৰ শৰ্মাক লগ ধৰিলে। পিছত এটা প্ৰক্ৰিয়াৰ মাজেৰে অসম চৰকাৰৰ পৰা পৃথক লিপিৰ বাবে প্ৰস্তাৱ গ’ল ভাৰত চৰকাৰলৈ। ভাৰত চৰকাৰলৈ প্ৰস্তাবটো প্ৰেৰণ কৰাৰ পিছত ভাৰত চৰকাৰে সেই প্ৰস্তাৱটো আইএছঅ’লৈ পঠাবলৈ ৰাজি হ’ল।”

“এতিয়া য়ুনিক’ড সম্পৰ্কত অসম চৰকাৰৰ পৰা যিখিনি প্ৰস্তাৱ গৈছে, তাত অসমীয়া আৰু বাঙালী লিপিক একেলগে ৰখাৰ কথা নাই। সুকীয়াকৈ এটা লিপি বিচৰা হৈছে।” এইদৰে কয় ডাঃ সত্যকাম ফুকনে।

অলপতে লণ্ডনত হৈ যোৱা আই অ’ এছৰ বিশেষ গোটৰ বৈঠকৰ কথা উল্লেখ কৰি তেওঁ কয়, “কিন্তু এতিয়া মই শুনি দুখ পাইছো, শিখৰ শৰ্মা ডাঙৰীয়াহঁতে তাত বোধকৰো সেইটো ভালদৰে পৰিৱেশন কৰিব নোৱাৰিলে। সেয়েহে অসমীয়া-বাঙালী একেলগে ৰখাৰ কথা আহিছে। সেই কথাটো আমি সমৰ্থন নকৰো।

তেওঁ লগতে কয়, ”এইটো বহুতে আবেগিক কথা বুলি কৈছে। আমাৰ লিপিখন সোমোৱা হৈছে। অসমীয়া-বেংগলী একেখনে লিপি। কিন্তু সেইটো নহয়, মই যিটো কৰিছো আৱেগত কৰা নাই। আবেগিক হোৱাতকৈ অসমীয়া লিপি পৃথক হোৱাৰ যথেষ্ট যুক্তি আছে, আবেগ নাই। অসমীয়া-বঙালীক একেলগে ৰাখিলে ভাষাৰ জগতখনত অসমীয়াই কেতিয়াও উন্নতি কৰিব নোৱাৰে। যিবোৰ ছফটৱেৰ থাকে বা প্ৰগেম থাকে, সেইবোৰত গণ্ডগোল লাগিব। অসমীয়া লিপিৰ বিষয়টোত এইদৰে আপোচ কৰাটোৰ আমি পক্ষপাতী নহয়।”

(তলৰ লিংকত ডাঃ সত্যকাম ফুকনৰ উক্ত বক্তব্য চাব পাৰিব।)

https://m.facebook.com/story.php?story_fbid=193534471356247&id=143301876379507#_=_

Related News