ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছৰ ৰূপালী জয়ন্তী সমাৰোহৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী

ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছে ২২ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ সংস্থাটেৰ ২৬ তম বছৰেকীয়া মহাসভা আৰু ৰূপালী জয়ন্তী সমাৰোহৰ আয়োজন কৰিছে। উক্ত অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আজি দিনৰ ১০ বজাত অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সদনত অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে ৰূপালী জয়ন্তী সমাৰোহৰ শুভ উদ্বোধন কৰে। ৰাজ্যপালৰ উপৰি সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী যুত নৱ কুমাৰ দলে, বিশিষ্ট অতিথি হিচাবে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী ভি বি প্যাৰেলাল উপস্থিত থাকে। এই অনুষ্ঠানটো পৌৰাহিত্য কৰিব ড০ ৰবীন দেৱ চৌধুৰীয়ে।

২৬ তম মহাসভাৰ পৌৰহিত্য কৰিব পুনেৰ ডেকান কলেজৰ আচাৰ্য সপ্ৰফেচাৰ এ পি জামখেটকাৰ দেৱে। উক্ত ৰাষ্ট্ৰীয় অনুষ্ঠানটোত দেশৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ আশী গৰাকী আগশাৰীৰ পণ্ডিত গৱেষকে অংশ গ্ৰহণ কৰিব। ২২, ২৩ আৰু ২৪ তাৰিখে অনুষ্ঠি হ’বলগীয়া ৭ খন কাৰিকৰী অধিবেশনত দেশৰ বিভিন্ন প্ৰান্তৰ গৱেষক আৰু পণ্ডিতসকলে তেওঁলোকৰ গৱেষণামূলক পত্ৰ পাঠ কৰিব। অধিৱেশনৰ ২৩ তাৰিখে কে ডি বাজপেয়ীয়ে স্মাৰক বক্তৃতা প্ৰদান কৰিব বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা তথা প্ৰখ্যাত পণ্ডিত শ্ৰীমতি কমল গিৰিয়ে। ইয়াৰোপৰি উক্ত অনুষ্ঠানত তামিলনাডু চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ প্ৰাক্তন সঞ্চালক তথা আগশাৰীৰ পণ্ডিত ড০ আৰ নাগস্বামূ, ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰাক্তন সঞ্চালক প্ৰধান শ্ৰী এছ এছ বিশ্বাস, ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ড০ এম এল নিগম দেৱে। ২৪ ডিচেম্বৰৰ বিয়লি ৩.১৫ বজাত সংস্থাটোৰ অধ্যক্ষ ড০ ৰবীন দেৱ চৌধুৰীৰ পৌৰাহিত্যত অনুষ্ঠানৰ সামৰণি পৰিব।

উল্লেখনীয় যে ১৯৯২ চনৰ ২১ এপ্ৰিল তাৰিখে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ গ্ৰাম্যজীৱনৰ বিথিকা শুভ উদ্বোধনৰ দিনা ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছৰ জন্ম হয়। প্ৰফেচৰ কে ডি বাজপেয়ী আৰু  ড০ ৰবীন দেৱ চৌধুৰীৰ সুদীৰ্ঘ দিনৰ সপোন স্বৰূপ ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছ নামৰ সংস্থাটোৰ জন্ম হৈছিল।