মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে Reaching the Unreached মূল বক্তব্যৰ অধীনত অহা ১৬ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ মণিপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত হ’ব লগীয়া ১০৫ সংখ্যক ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ, ২০১৮ৰ চৰকাৰী ৱেবছাইট মুকলি কৰে। ৱেবছাইটটোৰ ঠিকনা হ’ল https://isc105.org/. ইয়াক কালি আবেলি মুখ্য মন্ত্ৰীৰ সচিবালয়ৰ কেবিনেট হলত এটা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হয়। শিক্ষা মন্ত্ৰী টি এইচ্ছ ৰাধেশ্যাম, খুৰাই সমষ্টিৰ এম এল এ এল সুচীন্দ্ৰ, মুখ্য সচিব আৰ আৰ ৰশ্মি, সভাপতি অধ্যাপক অচ্যুত চামন্তকে ধৰি ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ এছ’চিয়েশ্যনৰ বিষয়ববীয়াসকলৰ লগতে মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক আদ্যপ্ৰসাগ পাণ্ডেও অনুষ্ঠানটোত উপস্থিত আছিল।
ৱেবছাইটটো মুকলি কৰি মুখ্য মন্ত্ৰী এন বীৰেন সিঙে কয় যে মণিপুৰে এই ছায়েন্স কংগ্ৰেছৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল। এতিয়া ই বাস্তৱ হোৱাৰ পথত। দেশ-বিদেশৰ বহু সংখ্যক লোকে ছায়েন্স কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনাৰ কথা কৈ তেওঁ কয় যে মণিপুৰক স্বৰ্ণক্ষেত্ৰ হিচাপে বিশ্ববাসীক দেখুৱাবৰ বাবে এইটো এটা সুযোগ। তেওঁ লগতে আনন্দ প্ৰকাশ কৰি কয় যে ছায়েন্স কংগ্ৰেছৰ দৰে বৃহৎ কাৰ্য্যসূচীটোৰ সৈতে একে সময়তে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰো বৰ্ষপূৰ্তি পৰাটো আনন্দৰ কথা। উল্লেখযোগ্য যে অহা ১৫ মাৰ্চত মণিপুৰ চৰকাৰৰ এবছৰ পূৰ্ণ হ’ব।
আনহাতে ৱেবছাইটটো মুকলি কৰাৰ পূৰ্বে ছায়েন্স কংগ্ৰেছ এছ’চিয়েশ্যনৰ প্ৰতিনিদি দল এটাই মুখ্য মন্ত্ৰীক লগ কৰি এই অনুষ্ঠানটোত প্ৰয়োজন হ’ব পৰা সহায়ৰ বিষয়ে অৱগত তথা আলোচনা কৰে। জানিব পৰামতে কংগ্ৰেছত ভাগ ল’বলৈ দেশৰ বিভিন্ন স্থানৰ লগতে বিদেশৰ পৰাও মুঠ প্ৰায় ৫০০০ প্ৰতিনিধি আহিব। এওঁলোকৰ থকা-খোৱা, যাতায়াত, আপ্যায়ন, প্ৰমোদ ভ্ৰমণ ইত্যাদি বিষয়বোৰত চৰকাৰী সহায় বিচাৰি তেওঁলোকে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনা কৰে। মুখ্য মন্ত্ৰীজনে সম্ভাব্য সকলো প্ৰকাৰ সাহায্য দিয়াৰ আশ্বাস দিয়াৰ লগতে সমগ্ৰ মণিপুৰবাসীক আহ্বান জনাইছে যাতে মণিপুৰত সকলো অতিথিয়েই ভাল আতিথ্য পায়। অনুষ্ঠানটো সুকলমে আৰু সফলতাৰে যাতে হৈ যায় তাৰ বাবে সকলোকে সহযোগিতা কৰিবলৈ তেওঁ আহ্বান জনায়।
উল্লেখযোগ্য যে ইম্ফল হ’ল ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ অনুষ্ঠিত কৰিবলৈ সুযোগ পোৱা উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন চহৰ। ইয়াৰ পূৰ্বে ২০০৯ চনত শ্বিলঙত ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ অনুষ্ঠিত হৈছিল। আনহাতে প্ৰথমখন ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ অনুষ্ঠিত হৈছিল ২০১৪ চনত।