NORTHEAST NOW (Assamese)

ইণ্ডিয়া টুডেৰ সমীক্ষা : পৰ্যটন ক্ষেত্রত অসমৰ দ্বিতীয় স্থান

December 3, 2017 10:44 am · সৌৰভ জ্যোতি গোস্বামী:

বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্রবিন্দু অসমৰ মাজুলী, কাজিৰঙাৰ এশিঙীয়া গঁড় আৰু শিৱসাগৰৰ ঐতিহাসিক সমলসমূহ দৰ্শনৰ বাবে বিভিন্ন সময়ত বহুতো দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয়। । শেহতীয়াকৈ দেশৰ আগশাৰীৰ আলোচনী ইণ্ডিয়া টুডেৰ ২০১৭ চনৰ সমীক্ষাত পৰ্যটনৰ ক্ষেত্রত অসমে লাভ কৰিছে দ্বিতীয় স্থান। অসমৰ পৰ্যটন বিভাগটোও ইতিমধ্যে নতুন পৰ্যটন নীতিৰে শক্তিশালী হ’ব বুলি আশা কৰা হৈছে। উদ্যোগটোৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে প্ৰিয়ংকা চোপ্ৰাক নিযুক্তি দিয়াত বহু নতুন সম্ভাৱনীয়তা দেখা পোৱা গৈছে। । ইয়াৰ  সমান্তৰালকৈ  নতুন পৰ্যটন নীতিৰে  নিবনুৱা সমস্যাৰো সমাধান হ’ব বুলি আশা কৰা হৈছে। এই ক্ষেত্ৰত যিসমুহ ঐতিহাসিক সমলে অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত অৰিহনা যোগাইছে সেই সমুহ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিব চৰকাৰে।

Related News