ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত বৰপেটাত কংগ্ৰেছৰ চাইকেল ৰেলী

পে’ট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আজি ৰাজ্যজুৰি চাইকেল ৰেলী উলিয়ায় কংগ্ৰেছ দলে। সমান্তৰালভাৱে বৰপেটাতো বৰপেটা টাউন ব্ল’ক আৰু বৰপেটা গ্ৰাম্য ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত চাইকেল ৰেলী উলিয়াই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

দিনৰ প্ৰায় এঘাৰ বজাত কংগ্ৰেছৰ নেতা-কৰ্মী সকলে ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা বিভিন্ন প্লে’ কাৰ্ড লৈ চহৰখনৰ মুখ্য পথেৰে এক চাইকেল ৰেলী উলিয়াই।

এই ৰেলীত বৰপেটা টাউন ব্লক কংগ্ৰেছৰ সভাপতি দিজু শৰ্মা, গ্ৰাম্য ব্লকৰ সভাপতি গুণজিৎ শৰ্মাৰ লগতে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে ত্ৰৈলোক্য পাঠক, ছামচুল হক আৰু মিতুল দাসৰ লগতে একশৰো অধিক কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

ইপিনে বিজেপি শাসিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতি আৰু মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৰপেটা জিলা মহিলা-কংগ্ৰেছৰ উদ্যোগত ৰাজীৱ ভৱনৰ সন্মুখতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি মহিলা কংগ্ৰেছ কৰ্মীসকলে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে।

আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীত একাংশই হাতত খালী চিলিণ্ডাৰ লৈ চৰকাৰ বিৰোধী শ্ল’গান দিয়ে। কাৰ্যসূচীত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আঞ্জুৱাৰা বেগমৰ লগতে টাউন মহিলা কংগ্ৰেছৰ বিষয়ববীয়া সকল উপস্থিত থাকে।