• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইম্ফলত প্ৰায় ৪১ লাখ টকা মূল্যৰ চোৰাং সোণৰ বিস্কুটসহ দুজন ব্যক্তিক আটক

সভাপতি চামম by সভাপতি চামম
June 2, 2018 6:39 pm
Gold biscuits seized again in Manipur
146
VIEWS
Share on FacebookShare on Twitter

আজি মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত দুজন ব্যক্তিৰ হাতৰ পৰা জব্দ কৰা হৈছে ৮খন সোণৰ বিস্কুট। প্ৰায় ৪১ লাখ টকা মূল্যৰ সোণৰ বিস্কুটকেইখনৰ উৎস বিদেশ বুলি জানিব পৰা গৈছে। আবকাৰী বিভাগৰ চোৰাং কাৰবাৰ বিৰোধী গোটটোৱে সোণখিনি জব্দ কৰে বুলি ইম্ফলৰ এক চৰকাৰী সূত্ৰত প্ৰকাশ।

আজি আবকাৰী বিভাগে জব্দ কৰা প্ৰায় ১৩২৮ গ্ৰাম ওজনৰ এই সোণখিনিৰ মূল্য প্ৰায় ৪১,১১,৪৮৮ টকা। উক্ত সোণখিনিৰে সৈতে ধৰা পৰা ব্যক্তিদুজন হৈছে কানহাই লালৰ পুত্ৰ অৰুণকুমাৰ (৪৭) আৰু ৰতন শ্বাহৰ পুত্ৰ ৰাজকুমাৰ শ্বাহ। তেওঁলোক দুয়োজন বিহাৰৰ পাটনা নিবাসী। দুয়োকে ইম্ফলৰ মাজ-মজিয়াৰ মহাত্মা গান্ধী এভিনিউৰ পৰা সোণসহ  আটক কৰা হয় বুলি ইম্ফলৰ আবকাৰী বিভাগৰ অতিৰিক্ত আয়ুক্ত আৰ কে দাৰেন্দ্ৰজীৎ সিঙে আজি এটা সংবাদ বিজ্ঞপ্তিযোগে জনাইছে। এই সন্দৰ্ভত এটা বিভাগীয় তদন্ত চলোৱা হৈছে বুলি সংবাদ বিজ্ঞপ্তিটোত কোৱা হৈছে।

উল্লেখ্য যে মে’ৰ ৩১ তাৰিখে ৰাজস্থানৰ নেহৰু নগৰ,গংগা নগৰৰ ৰাজেশ যোগীৰ পুত্ৰ গৌৰৱ যোগীৰ হাতৰ পৰাও প্ৰায় ২৫ লাখ টকা মুল্যৰ প্ৰায় ৮৩০ গ্ৰাম সোণ জব্দ কৰা হৈছিল। তেওঁক ইম্ফলৰ মাজ-মজিয়াৰ ফুড ভিলাৰ ওচৰৰ নাগামপালৰ পৰা আটক কৰা হৈছিল।

ঠিক একেদৰে মে’ৰ ২৬ তাৰিখেও এজন ব্যক্তিৰ হাতৰ পৰা মণিপুৰৰ পাল্লেল চহৰৰ পৰা ৫খন বিদেশী সোণৰ বিস্কুট উদ্ধাৰ কৰা হৈছিল যাৰ আনুমাণিক মূল্য প্ৰায় ২৬ লাখ টকা।এই সোণখিনিৰ দাঁতিত হীৰীআৰ চিহ্ন অংকণ কৰা আছিল। সেইদৰে  মে’ৰ ২৫ তাৰিখে ইম্ফলৰ আবকাৰী বিভাগৰ চোৰাং কাৰবাৰ বিৰোধী গোটটোৱে ৬২ লাখ টকা মূল্যৰ ১২খন সোণৰ বিস্কুট মলদ্বাৰত লুকাই অনা দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd