• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2025 4:25 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আমেৰিকাৰ নাছাই নতুন মাইলৰ খুঁটিত উপনীত হৈছে। সৌৰজগতৰ বাহিৰত মুঠ ৬,০০০ গ্ৰহ আৱিষ্কাৰ কৰিছে। অবিশ্বাস্য যেন লাগিলেও মাত্ৰ তিনি বছৰৰ আগতে এই সংখ্যা আছিল ৫ হাজাৰ।

যোৱা তিনি বছৰত নাছাই যি হাৰত নতুন গ্ৰহ আৱিষ্কাৰ কৰিছে তাত সকলোৱে স্তম্ভিত হৈ পৰিছে। অৱশ্যে মহাকাশ গৱেষণাৰ বাবে নাছাৰ এই কৃতিত্ব আদৰণীয়। কাৰণ মহাকাশৰ বুকুত এনেকুৱা কোটি কোটি গ্ৰহ থাকিব পাৰে। গতিকে কাম যিমানেই দ্ৰুতগতিত আগবাঢ়িব সিমানেই ভাল বুলি গৱেষকসকলে কয়।

Apply Now

এই মাইলৰ খুঁটিত উপনীত হোৱাৰ পিছত নাছাই কয়, “আমি মহাকাশ অন্বেষণৰ এক নতুন অধ্যায়ত প্ৰৱেশ কৰিছো, যিখন পৃথিৱী আমাৰ কল্পনাৰ বাহিৰত। জীৱনৰ বাবে উপযুক্ত গ্ৰহ, মহাজাগতিক প্ৰতিবেশীৰ সন্ধান অব্যাহত থাকিব। মনত ৰাখিব লাগিব যে বিশ্বব্ৰহ্মাণ্ডৰ বুকুত এতিয়াও বহুতো অজ্ঞাত জগত আছে।”

১৯৯৫ চনৰ ৬ অক্টোবৰত প্ৰথমবাৰৰ বাবে সৌৰজগতৰ বাহিৰত আন এটা গ্ৰহ আৱিষ্কাৰ হয়। জ্যোতিৰ্বিজ্ঞানী মিচেল মেয়ৰ আৰু ডিডিয়েৰ কুৱেলজে ইয়াক আৱিষ্কাৰ কৰিছিল। সূৰ্য্যৰ দৰে দেখা যোৱা ৫১ পেগাছি বি বহিঃগ্ৰহটো আৱিষ্কাৰ কৰা হয়। পৃথিৱীৰ পৰা ৫০ আলোকবৰ্ষ দূৰত্বত অৱস্থিত এই বহিঃগ্ৰহটো বৃহস্পতিৰ দৰে গেছেৰে ভৰি আছে। ইয়াৰ আয়তন বৃহস্পতিতকৈ ০.৬৪ গুণ ডাঙৰ।

১৯৯২ চনত বিজ্ঞানীসকলে বহিঃগ্ৰহ বুলি ভাবি এটা পালছাৰ আৱিষ্কাৰ কৰে। পিছত গম পোৱা গ’ল যে ই এটা নিউট্ৰন তৰাক প্ৰদক্ষিণ কৰি আছে। সঠিক অৰ্থত এটা গ্ৰহ বুলিলে যি বুজোৱা হয়, সেই ক্ষেত্ৰত ৫১ পেগাচি বি হৈছে আৱিষ্কৃত প্ৰথম বহিঃগ্ৰহ।

তেতিয়াৰ পৰাই বিগত ৩০ বছৰ ধৰি সৌৰজগতৰ বাহিৰৰ গ্ৰহৰ সন্ধান চলি আছে। চলিত বৰ্ষৰ ১৭ ছেপ্টেম্বৰলৈকে ৩০ বছৰীয়া জয়ন্তীত মুঠ ৬০০০ টা বহিঃগ্ৰহ পোৱা গৈছে। অৱশ্যে এই সংখ্যাটো ৬০০০ তে শেষ নহয়। ভৱিষ্যতে আৰু অধিক নতুন বহিঃগ্ৰহ আৱিষ্কাৰ হ’ব, ঠিক যেনেকৈ ইতিমধ্যে আৱিষ্কাৰ হোৱা আৰু ৮ হাজাৰ সম্ভাৱ্য বহিঃগ্ৰহ স্বীকৃতিৰ বাবে অপেক্ষা কৰি আছে। নাছাই সকলো দিশ পৰীক্ষা কৰি এবাৰ স্বীকৃতি দিলেই সেইবোৰো এটা এটাকৈ এই তালিকাত যোগ হ’ব।

শেহতীয়াকৈ নেপচুন সদৃশ KMT-2023-BLG-1896L b নামৰ এটা গ্ৰহৰ আৱিষ্কাৰ কৰা হৈছে। ১৬.৩৫ পৃথিৱী যোগ কৰিলে ইয়াৰ আকাৰ পোৱা যাব। সৌৰজগতৰ বাহিৰৰ গ্ৰহ আৱিষ্কাৰৰ ক্ষেত্ৰত নাছাৰ টেছ আৰু কেপলাৰ স্পেচ টেলিস্কোপ বিশেষভাৱে উল্লেখযোগ্য। ২৬০০ৰো অধিক বহিঃগ্ৰহ আৱিষ্কাৰ কৰি কেপলাৰে অৱসৰ লৈছে। টেছে এতিয়ালৈকে ৬৯৩টা বহিঃগ্ৰহ আৱিষ্কাৰ কৰিছে। সৌৰজগতৰ বাহিৰৰ গ্ৰহবোৰ বসবাসৰ বাবে উপযোগী হয় নে নহয় সেইটো নিৰ্ণয় কৰিবলৈ গৱেষণা চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd