ইম্ফলত বিদেশী নাগৰিকৰ হাতৰ পৰা সোণৰ বিস্কুট উদ্ধাৰ

gold biscuits weighing around 5 kg were seized

মঙলবাৰে ইম্ফলত  এজন বিদেশী নাগৰিকৰ হাতৰ পৰা প্ৰায় ৫ কেজি ওজনৰ ৩০খন সোণৰ বিস্কুট উদ্ধাৰ কৰা হৈছে। শুল্ক বিভাগৰ ইম্ফল ডিভিজনৰ এণ্টি-স্মাগলিং গোটটোৱে এই সোণখিনি জব্দ কৰিছে বুলি এক চৰকাৰী সূত্ৰত প্ৰকাশ।

এটা সংবাদ টোকাত ইম্ফল ডিভিজনৰ শুল্ক (নিবাৰক) বিভাগৰ সহকাৰী আয়ুক্ত ৰাজকুমাৰ দৰেন্দ্ৰজিত সিঙে কৈছে যে পূব ইম্ফল জিলাৰ লামলং বাজাৰ এলেকাৰ পৰা লাভ কৰা এটা বিশেষ সূত্ৰৰ পম খেদি ‘বিদেশী মূল’ৰ লোকজনৰ পৰা প্ৰায় ১.৫ কোটি টকা মূল্যৰ সোণখিনি উদ্ধাৰ কৰা হয়।

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰৰ থৌবাল জিলাৰ ছাংগাই য়াংফামৰ বাসিন্দা ৰহমতৰ পুত্ৰ য়াছিন নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখযোগ্য যে চলিত বছৰৰ ৯ মাৰ্চত দ্বাদশ আছাম ৰাইফলছৰ সেনাই প্ৰায় ৪.৮ কোটি টকা মূল্যৰ ৯৭খন সোণৰ বিস্কুট উদ্ধাৰ কৰিছিল। মণিপুৰৰ টেংনৌপাল জিলাৰ মোৰেইৰ পৰা ইম্ফল অভিমুখে আহি থকা MN01AK 1912 নম্বৰত পঞ্জীয়নভুক্ত মাৰুতী ভানখনৰ পৰা সোণখিনি উদ্ধাৰ কৰা হৈছিল।

এই ঘটনাৰ সৈতে জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰা বুলি আছাম ৰাইফলছৰ জন-সম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে এটা সংবাদ টোকাযোগে প্ৰকাশ কৰিছিল।

ইম্ফলৰ পৰা ৯০ কি:মি: দূৰত্বত ইম্ফল-মোৰেই ৰাষ্ট্ৰীয় ঘাইপথত থকা খুদেংথাবি তালাচী চকীত কৰ্তব্যৰত আছাম ৰাইফলছৰ সেনাই যান-বাহনৰ তালাচী চলাই থাকোতে বাহনখনৰ চেছিছৰ ভিতৰত লুকাই ৰখা সোণখিনি উদ্ধাৰ কৰিছিল।