• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ইশু’ আৰু ‘মেম’ৰিজ অব এ ফৰগটেন ৱাৰ’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2018 7:11 pm
ইশু কথাছবিখনৰ এচি দৃশ্য

ইশু কথাছবিখনৰ এচি দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিলৰেণ্ডচ ফিল্ম চছাইটী, ইণ্ডিয়াই প্ৰযোজনা কৰা অসমীয়া কথাছবি ‘ইশু’ই বাংলাদেশ আৰু ফ্ৰান্স আৰু সুবিমল ভট্টাচাৰ্যই প্ৰযোজনা কৰা দ্বিতীয় মহাযুদ্ধৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰ ‘মেমৰিজ অব এ ফৰগটেন ৱাৰ’এ MIFF আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে দুয়োখন চলচ্চিত্ৰৰ পৰিচালক হ’ল অসমৰ যশস্বী চলচ্চিত্ৰ পৰিচালক উৎপল বৰপূজাৰী।

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা আৰু সমালোচক বৰপূজাৰীৰ প্ৰথম পূৰ্ণদৈৰ্ঘৰ কাহিনী কথাছবি ‘ইশু’ ২৭ জানুৱাৰিৰ পৰা অনুষ্ঠিত হ’বলগীয়া ১১সংখ্যক বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ আৰু অহা এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ ‘টাওলোচে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’, ফ্ৰান্সৰ প্ৰতিযোগিতা শাখাত যোগদান কৰাৰ বাবে নিৰ্বাচিত হৈছে।

আনহাতে ‘মেমৰিজ অব এ ফৰগটেন ৱাৰ’ তথ্যচিত্ৰখন ভাৰতৰ সৰ্ববৃহৎ তথ্যচিত্ৰ, চুটি আৰু এনিমেশ্বন চলচ্চিত্ৰ মহোৎসৱ ১৫সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ প্ৰৰ্দশনৰ বাবে নিৰ্বাচিত হৈছে।

মণিকুন্তলা ভট্টাচাৰ্যৰ একে নামৰ উপন্যাসৰ ওপৰত আধাৰিত ‘ইশু’ নামৰ কথাছবিখনে ইতিমধ্যে কানাড়া শিশু   চলচ্চিত্ৰ মহোৎসৱ, ২৩সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, তৃতীয় স্মাইল ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ফৰ চিলৰেণ্ড এণ্ড য়ুথ, নিউ দিল্লী, তৃতীয় আই এচিয়ান ফিল্ম ফেষ্টিভেল মুম্বাই, ১০সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আদিত অংশ গ্ৰহণ কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। কলকাতাৰ মহোৎসৱখনত তেওঁ ভাৰতীয় ভাষা শাখাত শ্ৰেষ্ঠ কথাছবি আৰু শ্ৰেষ্ঠ পৰিচালকৰ বিভাগত নমিনেচন লাভ কৰিছিল।

দ্বিতীয় মহাযুদ্ধৰ সময়ত নগালেণ্ড আৰু মণিপুৰৰ মাটিত ঘটি যোৱা অথচ পাহৰণিৰ গৰ্ভত হেৰাই যোৱা বিভিন্ন ঘটনাৰ ওপৰত বিস্তৃত গবেষণা কৰি নিৰ্মাণ কৰা ‘মেমৰিজ অব এ ফৰগটেন ৱাৰ’ নামৰ তথ্যচিত্ৰখনে ৪৭সংখ্যক ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়া, গোৱা, দ্য নৰমেন্দি চেকেণ্ড ৱৰ্ল্ড ৱাৰ ফিল্ম ফেষ্টিভেল, ফ্ৰান্স, দ্য ফ্ৰেগৰেন্স অব দ্য নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল, পুনে আৰু ৫ সংখ্যক উডপিকাৰ  ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল, নতুন দিল্লী আদিত অংশ গ্ৰহণ কৰি দৰ্শকৰ দ্বাৰা প্ৰশংসিত হৈছিল। নতুন দিল্লীৰ মহোৎসৱত তেওঁ উত্তৰ-পূবৰ শ্ৰেষ্ঠ কথাছবিৰ সন্মান লাভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

September 7, 2025 5:05 pm
জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

September 7, 2025 4:11 pm
অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

September 7, 2025 3:32 pm
ইতিহাস ৰচনা ভাৰতৰ অনুপৰ্ণা ৰায়ৰ, ৮২ সংখ্যক ভেনিচ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন

ইতিহাস ৰচনা ভাৰতৰ অনুপৰ্ণা ৰায়ৰ, ৮২ সংখ্যক ভেনিচ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন

September 7, 2025 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

September 7, 2025 5:05 pm
জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

September 7, 2025 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd