• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2025 3:32 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-অৰুণাচল সীমান্তত ধেমাজিৰ মাজুলীপুৰ অঞ্চলত পথ নিৰ্মাণক লৈ বিগত কেইদিন ধৰি তীব্ৰ উত্তেজনা চলি আছে। অৰুণাচল প্ৰশাসনে সীমান্তত আৰম্ভ কৰা পথ নিৰ্মাণৰ কামত বাধা দিয়াৰ পিছতে পৰিস্থিতি অধিক জটিল হৈ পৰে। অবশেষত জোনাই প্ৰশাসন অৰুণাচল প্ৰশাসনৰ চাপৰ সন্মুখীন হৈ পথ নিৰ্মাণৰ কাম বন্ধ ৰাখিবলৈ বাধ্য হয়। সীমান্ত আৰক্ষী চকী থকাৰ পাছতো নিজৰ ভূমিত পথ নিৰ্মাণ কৰিবলৈ দিয়া হোৱা নাই বুলি অভিযোগ উঠিছে।

এই উত্তেজনাৰ মূল সূত্র আছিল অসমৰ লাইমেকুৰীৰ বৈকুণ্ঠপুৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰুণাচলৰ নাৰি সংযোগী পথ। জোনাই প্ৰশাসনৰ নিৰ্দেশত অসমৰ ঠিকাদাৰে সীমান্তৰ ভিতৰত প্ৰায় ৩৬০ মিটাৰ অঞ্চলত পথ নিৰ্মাণ আৰম্ভ কৰিছিল। কিন্তু অৰুণাচলবাসীয়ে সেই ভূমি নিজৰ বুলি দাবী কৰি কাম বন্ধ কৰায়। প্ৰশাসনিক আলোচনাৰ অন্তত পুনৰ অনুমতি লাভ কৰে যদিও, সন্ধিয়াৰ পৰাই পুনৰ অৰুণাচলৰ লোক আৰু বিষয়াসকলে উপস্থিত হৈ পথ নিৰ্মাণ বন্ধ কৰে।

Apply Now

শনিবাৰে পুৱাই সীমান্তৱৰ্তী ৰাইজে লাইমেকুৰীত সভা পাতি স্পষ্ট ভাষাত কয় “অসমৰ মাটি একো এৰি দিয়া নহ’ব, উন্নয়ন হ’বই লাগিব।” ৰাইজৰ দাবীৰ ভিত্তিত দিনৰ ১২ বজাৰ পৰা পুনৰ পথ নিৰ্মাণ আৰম্ভ হয়। প্ৰায় দুঘণ্টা ধৰি কাম চলি থকা অৱস্থাতে অৰুণাচল প্ৰশাসনে আকৌ বাধা দিয়ে আৰু কাম বন্ধ কৰায়।

ইয়াৰ পিছত জোনাই উপজিলা প্ৰশাসন আৰু অৰুণাচলৰ নাৰি মহকুমা প্ৰশাসন সীমান্ত আৰক্ষী চকীত যুটীয়া সভাত বহে। সেই সভাত অৰুণাচল প্ৰশাসনে স্পষ্ট কৰে যে“অসম-অৰুণাচল সীমা চৰকাৰী পৰ্যায়ত চূড়ান্ত নকৰালৈকে এই বিতৰ্কিত ভূমিত পথ নিৰ্মাণৰ কাম একেবাৰে নহ’ব।”

অৰুণাচলৰ এই কঠোৰ ভূমিকা আৰু জোনাই প্ৰশাসনৰ নীৰৱতাই স্থানীয় ৰাইজক শংকিত কৰি তুলিছে। সংবাদ মাধ্যমৰ সন্মুখতো প্ৰশাসনে কোনো প্ৰতিক্ৰিয়া নজনোৱাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। তেওঁলোকে জনোৱা মতে “১৯৭২ চনত ইয়াত সীমান্ত আৰক্ষী চকী স্থাপন কৰা হৈছিল। সেই সময়ৰ পৰাই এই ভূমি অসমৰ। তেতিয়াৰে পৰা চৰকাৰী আঁচনি আৰু পথ নিৰ্মাণ অসমে কৰি আহিছে।”

তেওঁলোকৰ অভিযোগ কৰিছে যে চৰকাৰে সীমান্ত-বিবাদ সমাধানৰ নামত মিচা মাতি আহিছে। মুখ্যমন্ত্ৰী-মন্ত্ৰী, বিধায়কৰ বৈঠক, আন্তঃৰাজ্য বুজাবুজি এই সকলোবোৰ ৰাইজৰ চকুত ধূলি দিয়াৰ সমান। বাস্তৱ ক্ষেত্ৰত সীমান্তত একেবাৰে বিপৰীত ছবি দেখা গৈছে। মেঘালয়, নাগালেণ্ড বা অৰুণাচল য’তে সীমা-বিবাদ আছে, সকলোত একেই দৃশ্য। ইফালে পথটোৰ কাম আধৰুৱা হৈ পৰাত বালি নপৰাৰ বাবে শিলৰ ওপৰতে বাহন চলিব লগা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd