ই-ৰিক্সা, মেজিকৰ বিক্ৰী বন্ধৰ পৰামৰ্শ আগবঢ়াইছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই

Trans-E-Rickshaw-Motor-vehicle-dealer-in-Guwahati

মহানগৰীত পঞ্জীয়ন নকৰাকৈ চলাচল কৰি থকা যান-বাহনসমূহ অহা ৩০ দিনৰ ভিতৰত জৰীপ কৰিবলৈ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত ড০ এম অংগমুথুৱে।

শনিবাৰে বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত উপায়ুক্তৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত উপায়ুক্তই জিলা পৰিবহণ বিষয়া আৰু যান-বাহন আৰক্ষীক ই-ৰিক্সাৰ চলাচল সীমিত কৰাৰ বাবে নিৰ্দেশ  দিয়ে।

এই বৈঠকতে ৩০ দিনৰ ভিতৰত ই-ৰিক্সা আৰু মেজিক বিক্ৰী বন্ধ কৰাৰ বাবেও পৰামৰ্শ প্ৰদান কৰা হয়।

মহানগৰৰ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলসমূহ চিনাক্ত কৰাৰ বাবে অতিৰিক্ত উপায়ুক্ত পলাশ প্ৰতিম বৰাৰ নেতৃত্বত গঠন কৰি দিয়া সমিতিক পথসমূহত য়াতায়াত সুচল আৰু নিৰাপদ কৰি তোলাৰ বাবে সংশিষ্ট বিভাগসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

বৈঠকত উপায়ুক্ত অংগমুথুৱে যান-বাহন চলাচলৰ সুবিধাৰ বাবে খানাপাৰাৰ পৰা সোণাপুৰলৈ, যোৰাবাটৰ পৰা বৰ্ণিহাটলৈ আৰু নাৰেংগীৰ পৰা পানীখাইতীলৈ পথৰ আলোকসজ্জাৰ বাবে প্ৰস্তাৱ দাখিল কৰিবলৈ গড়কাপ্টানী (বৈদুত্যিক) বিভাগক নিৰ্দেশ দিয়ে।

উক্ত বৈঠকতে উপায়ুক্তগৰাকীয়ে  যান-বাহন আইন উলংঘা কৰি ফুৰা অপৰাধীৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহণ বিভাগক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পথৰ কাষত থকা যান-বাহনসমূহ আঁতৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

উপায়ুক্তগৰাকীয়ে পৌৰ নিগমক মণ্ডল-ভিত্তিত বিদ্যালয়ৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে তেওঁলোকৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ পৰীক্ষা কৰিবলৈকো  নিৰ্দেশ দিয়ে।

সভাত  পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক মহানগৰৰ সকলো পাৰ্কিং, গুদাম আৰু পণ্যাগাৰসমূহ পৰীক্ষা কৰি ৬ মাহৰ ভিতৰত স্থানান্তৰৰ বাবে উপায়ুক্তই পৰামৰ্শ দিয়ে।