ঈদ-উজ-জোহা উপলক্ষে দৰঙৰ বালুগাঁও পশুবজাৰত বজাৰত বৃদ্ধি পশুধনৰ ব্যৱসায়

20180808_100252

ইছলাম ধৰ্মাৱলম্বী লোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ আগন্তুক ঈদ-উজ-জোহা উপলক্ষে দৰঙৰ বালুগাঁও পশু বজাৰত ব্যাপক হাৰত পশুধনৰ ক্ৰয় বিক্ৰয় কৰা পৰিলক্ষিত হৈছে। বজাৰখনলৈ দৰঙৰ বালুগাঁও আৰু দৰঙৰ বাংলাগড়ৰ অসংখ্য পশুধন লৈ অহা হৈছে। ঈদ উদ্‌যাপনৰ সময় কাষ চাপি আহিলেও ঈদত কোৰবানী কৰিবলগীয়া গৰু, ছাগলীৰ মূল্য গৰু ছাগলীৰ পালকসকলে ভবাৰ দৰে বৃদ্ধি পোৱা নাই।

এই কেইদিনত এলেকাটোৰ সৰু-সুৰা বজাৰখন এখন পূৰ্ণ পৰ্যায়ৰ বজাৰলৈ পৰ্যৱসিত হৈছে আৰু ওদালগুৰি, নগাঁও, শোণিতপুৰ আদিৰ পৰা পশুধন ব্যৱসায়ীসকলে তেওঁলোকৰ পশুধনসমূহ লৈ এইখন বজাৰত ভীৰ কৰিছেহি। এই বছৰ সাধাৰণ জাতৰ ছাগলীৰ প্ৰতি গোট ৮০০০ ৰ পৰা ১৫০০০ টকাত বিক্ৰি হৈছে। আনহাতে  বাংলাগড়ত এটা স্বাস্থ্যৱান গৰু ১.৫০ লাখটকাত বিক্ৰি হৈছে। আব্দুল আলী নামৰ ব্যৱসায়ীজনে কৈছে ”নগাঁৱৰ দিহিঙৰ পৰা মই এনেধৰণৰ গৰু ৪ টা কিনিছোঁ। আন আন গৰুৰ মূল্য প্ৰতিটোতে ১ৰ পৰা ১.৫ লাখৰ ভিতৰত। মই বালুগাঁৱৰ বজাৰত ১০ টা ছাগলী ক্ৰয় কৰিছো আৰু ইয়াৰ পৰা ভাল দাম পাম বুলি আশা কৰিছোঁ।এই ছাগলীবোৰ স্থানীয় জাতৰ।মোৰ ওচৰত থকা ছাগলীৰ দাম ৮,০০০ টকাৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে মই কেইটামান বিক্ৰি কৰিছোঁ। । আন এজন ছাগলী ব্যৱসায়ী কৈলাস মহন্তই কৈছে, ‘‘ বকৰীদ বা ঈদ-উজ-জোহাৰ বাবে স্বাস্থ্যৱান ছাগলীৰ কদৰ আছে।’’

পশু বজাৰলৈ ১৮ ছাগলী বিক্ৰি কৰিবলৈ অনা মহন্তই কৈছে ‘‘ ক’লা বেংগল বা অসমীয়া জাতৰ ছাগলী সৰু যদিও সিহঁতৰ মাংস উত্তৰ ভাৰতীয় ছাগলীৰ মাংসতকৈ সুস্বাদু।’’ ওদালগুৰি টংলাৰ বাসিন্দা ছফদৰ খানে কৈছে,”ঈদ-উজ-জোহাৰ বাবে মই এহাল স্বাস্থ্যৱান ছাগলী বিছাৰি আছোঁ। দামৰ উপৰিও ছাগলীৰ শাৰীৰিক অৱস্থা আদিও পৰীক্ষা কৰিব লাগিব। তেওঁ কয় যে নিয়ম মতে কোৰবানী কৰা জন্তুটোৰ গাত কোনো খুঁত থাকিব নালাগে। ইয়াত দামটো ডাঙৰ কথা নহয়। কোৰবানীৰ বাবে স্বাস্থৱান আৰু ডাঙৰ ছাগলীৰ বাবে ভাল দাম দিয়া হয়।”

এইটো কোৱা নিষ্প্ৰয়োজনীয় যে কোৰবানীৰ জন্তু ক্ৰয় কৰিবলৈ কামৰূপ, দৰং আৰু ওদালগুৰিৰ পৰা অসংখ্য লোক আহি এইখন বজাৰত ভীৰ কৰিছেহি।