NORTHEAST NOW (Assamese)

উচটনিমূলক মন্তব্য কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ডাঃ অৰ্ধেন্দু দে’ক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদেশ কংগ্ৰেছৰ

May 9, 2018 12:42 pm · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোক লৈ ৰাজ্যখনত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি থকাৰ সময়তে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ডাঃ অৰ্ধেন্দু দে’ই কালি (৮ মে’) হোজাইৰ এটা প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত ৰাজহুৱাকৈ উচটনিমূলক মন্তব্য দিয়াৰ পিছত একে দিনাই পিছবেলালৈ অসম প্ৰদেশ কংগ্ৰেছে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী দিয়া বুলি জানিব পৰা গৈছে।

অসম প্ৰদেশ কংগ্ৰেছৰ এটা সূত্ৰই জনোৱামতে, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শৈলেন বৰাই দে’ক এই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। জাননীখন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ নিৰ্দেশ মতে প্ৰেৰণ কৰা হৈছে বুলি কোৱাৰ লগতে তেওঁক সাত দিনৰ ভিতৰত কাৰণ প্ৰদৰ্শন কৰিবলৈ কোৱা হৈছে।

জাননীখনৰ সম্পূৰ্ণ পাঠ এনে ধৰণৰ :-

আজি ৮/৫/২০১৮ তাৰিখ মঙলবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত হোজাই নাগৰিক মঞ্চই আয়োজন কৰা সভাত আপুনি প্ৰৰোচনামূলক মন্তব্য কৰা সংবাদ মাধ্যমৰ যোগেদি আমাৰ দৃষ্টিগোচৰ হৈছে।

কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ নেতা হোৱাৰ উপৰিও হোজাই জিলা কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আপুনি কৰা মন্তব্য কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শৰ পৰিপন্থী। সেয়েহে এনে প্ৰৰোচনামূলক মন্তব্যৰ বাবে আপোনাৰ বিৰুদ্ধে কিয় অনুশানমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব এই জাননী পোৱাৰ ৭ দিনৰ ভিতৰত তাৰ কাৰণ দৰ্শাবলৈ আপোনাক নিৰ্দেশ দিয়া হ’ল।

অসম প্ৰদেশ কংগ্ৰেছ কমিটী মাননীয় সভাপতি ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে আপোনাক এই জাননী জাৰি কৰা হ’ল।

উল্লেখযোগ্য যে ৮ মে’ত হোজাইত অসম নাগৰিক মঞ্চ নামৰ এটা অখ্যাত বাঙালী সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত আৰু ২০১৪ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ দাবীত এটা প্ৰতিবাদী কাৰ্য্যসূচী লৈছিল। উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি হোজাইৰ প্ৰাক্তন মন্ত্ৰীজনে অতি প্ৰৰোচনামূলক মন্তব্য কৰিছিল। তেওঁ এক প্ৰকাৰে অসমীয়া আৰু বাঙালীৰ মাজত সংঘৰ্ষৰ বাবে আহ্বান জনাই কৈছিল-  “কাৰোবাৰ সাহস আছে যদি এজন বাঙালীৰ ঘৰ জ্বলাই চাওক। এজন বাঙালীৰ গাত হাত দি চাওক।”

এই মন্তব্য সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ যোগেদি সম্প্ৰচাৰিত হোৱাত সমগ্ৰ ৰাজ্যতে তৎক্ষণাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ফলত দলটোৱে নেতাজনক কাৰণ দৰ্শোৱাৰ জাননী দিয়ে।

কাৰণ দৰ্শোৱাৰ জাননীখন।

Related News