NORTHEAST NOW (Assamese)

উচটনিমূলক মন্তব্য দি বিপদত এ আই য়ু ডি এফৰ প্ৰাক্তন বিধায়ক শ্বেইখ শ্বাহ আলম

November 29, 2017 5:56 pm · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

গোৱালপাৰাত যোৱা ২৮ নৱেম্বৰত এখন সভাত সাম্প্ৰদায়িক তথা উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগত অভিযুক্ত এ আই য়ু ডি এফৰ প্ৰাক্তন বিধায়ক শ্বেইখ শ্বাহ আলমৰ বিৰুদ্ধে দুখনকৈ এফ আই আৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। ইয়াৰে এখন এজাহাৰ সমাজকৰ্মী তথা যুৱ নেতা কমল কুমাৰ মেধিয়ে পাণবদাৰ থানাত আৰু আনখন যোৰহাট সদৰ থানাত বজৰং দলৰ যোৰহাট শাখাৰ আহ্বায়ক দিব্যজ্যোতি হাজৰিকাই দিয়ে। মেধিয়ে তেওঁৰ এজাহাৰখনত উল্লেখ কৰে যে শ্বেইখ আলমৰ মন্তব্যই ৰাজ্যখনত সাম্প্ৰদায়িক হিংসাৰ বাট মুকলি কৰিব পাৰে। আনহাতে আৰক্ষীৰ এটা সূত্ৰই কয় যে যিহেতু ঘটনাটোৰ স্থল আছিল গোৱালপাৰা, গতিকে এজাহাৰখন আমি গোৱালপাৰাৰ সংশ্লিষ্ট থানালৈ প্ৰেৰণ কৰিছো। আনহাতে শ্বেইখ আলমে যোৱা ২৭ নৱেম্বৰত দলৰ শীৰ্ষনেতা বদৰুদ্দিনৰ দলত চলা স্বৈৰাচাৰিতাৰ প্ৰতিবাদ কৰি দলৰ পৰা পদত্যাগ কৰে বুলি জনাইছে। কিন্তু তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে এক প্ৰেছ বিজ্ঞপ্তিত কয় যে আলমে গোৱালপাৰাৰ সোণাৰিত অনুষ্ঠিত দলৰ এখন সভাত সমাজৰ এটা সম্প্ৰদায়ক আক্ৰমণ কৰাৰ আহ্বান জনাই বিতৰ্কিত মন্তব্য কৰিছিল। ‘এ আই য়ু ডি এফ’ৰ সভাপতিয়ে তেওঁৰ পৰা মাইক কাঢ়ি লৈছিল আৰু কৈছিল এ আই য়ু ডি এফে তেওঁক সমৰ্থন নকৰে, বৰং ইয়াৰ বিৰোধিতা কৰে।’

এই সন্দৰ্ভত আলমে কয় যে তেওঁ কেতিয়াও এটা সম্প্ৰদায়ক আক্ৰমণৰ কথা কোৱা নাছিল আৰু যদি কলিতাই তেনে অভিযোগ কৰিছে, তেওঁ কলিতাৰ বিৰুদ্ধে গোচৰ দিব।

 

 

Related News