উচ্চতম ন্যায়ালয়ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ

Himanta

উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এটা ৰায়ৰ পটভূমিত অসমৰ শিক্ষা, স্বাস্থ্য, বিত্ত আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনৰ সভাপতিৰ পদৰ পৰা আঁতৰাব লাগে বুলি আৱেদন জনাই আজি শীৰ্ষতম আদালতখনত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰা হয়। আৱেদনখনত কোৱা হৈছে যে যিহেতু শীৰ্ষ আদালতখনে পূৰ্বে এটা ৰায়ত এজন মন্ত্ৰী বা এজন চৰকাৰী বিষয়া কোনো এটা ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া হ’ব নোৱাৰে বুলি কৈছিল, গতিকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই দায়িত্বত থকাটো বে-আইনী।

আনহাতে আৱেদনখনত এইটোও কোৱা হৈছে যে শৰ্মা সাৰদা চিট ফাণ্ড কেলেংকাৰিতো অভিযুক্ত আৰু তেওঁক এই গোচৰটোত চিবিআয়ে চমন দিছিল।

আনহাতে ২০০৯ চনত পদ্ম হাজৰিকায়ো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে থকা চানমাৰি থানাৰ টাডা গোচৰটোৰ পুনৰ বিচাৰ প্ৰক্ৰিয়া মুকলি কৰিব লাগে বুলি এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। কিন্তু ৰাজনৈতিক নেতাই ৰাজনৈতিক নেতাৰ বিৰুদ্ধে ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দিয়াত ব্যক্তিগত তথা ৰাজনৈতিক আক্ৰোশৰ দ্বাৰা উদ্দেশ্য প্ৰণোদিত হ’ব পাৰে বুলি ৰঞ্জন গগৈৰ খণ্ড বিচাৰপীঠে ওলোটাই আৱেদনকাৰী পদ্ম হাজৰিকাকহে ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছিল।

আজি দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনখনত লগতে ২০১৬ চনত বিচিচিআইৰ গোচৰটোত কৰাৰ দৰে ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যন সুচাৰুৰূপে চলিবৰ বাবে প্ৰশাসকৰ এখন কমিটী গঠন কৰিবলৈ নিৰ্দেশনা প্ৰাৰ্থনা কৰে।

আৱেদনখন দাখিল কৰা হৈছে দিল্লীৰ নিৱাসী কমলেশ বৰ্মাৰ দ্বাৰা। আৱেদনখনত তেওঁ তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনৰ আন আন  বিষয়ববীয়া সকলকো বৰ্খাস্তৰ অনুৰোধ জনাইছে। লগতে তেওঁ মন্ত্ৰী শৰ্মাই দায়িত্ব লোৱাৰ পিছৰ পৰা বিত্তীয় লেনদেনৰ তথ্য পৰীক্ষা কৰিবলৈও অনুৰোধ জনায়।

উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মা অসমৰ বিজেপিৰ এজন প্ৰভাৱশালী নেতা আৰু তেওঁ যোৱা অসম বিধানসভাৰ নিৰ্বাচনৰ আগে আগে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিছিল। তেওঁ যোৱা বছৰৰ ২৩ এপ্ৰিলত ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনৰ সভাপতি হিচাপে নিযুক্ত হৈছিল।

আৱেদনখনত কোৱা হৈছে যে শৰ্মা কেৱল এজন ৰাজনীতিকেই নহয়, অসম চৰকাৰৰ এজন মন্ত্ৰীয়ো। তাৰোপৰি তেওঁ কেতিয়াও বেডমিণ্টন খেলুৱৈ নাছিল। তেওঁৰ বেডমিণ্টন খেলৰ সৈতে কোনো সম্পৰ্ক নাই।

এজন সক্ৰিয় ৰাজনীতিক হোৱাৰ লগতে আৰু বেডমিণ্টনৰ সৈতে কোনো সম্পৰ্ক নথকাৰ উপৰি তেওঁ দুৰ্নীতিৰ বিৰুদ্ধেও অভিযুক্ত হৈ আছে, যাৰ ভিতৰত সাৰদা চিট ফাণ্ড কেলেংকাৰিও আছে আৰু যিটোৰ কাৰণে তেওঁক চি বি আয়ে চমন জাৰি কৰাৰ লগতে তেওঁৰ বাসগৃহও চিবিআয়ে ৰেইড কৰিছিল।’ আৱেদনখনত এইদৰে কোৱা হৈছে।

লগতে কোৱা হৈছে, ‘শৰ্মাক বেডমিণ্টন এছ’চিয়েশ্যনৰ সভাপতি হিচাপে নিযুক্তি দিয়াটো আৰু তেওঁক পদত বাহাল ৰখাটো, নিয়ম আৰু আইনৰ অৱমাননা হ’ব আৰু সম্পূৰ্ণকৈ জানিশুনি সংবিধানৰ  ১৪ নং দফাৰ উলংঘন হ’ব।’

আৱেদনখনত খেলুৱৈসকলৰ কল্যাণৰ স্বাৰ্থত আৰু স্বচ্ছ বিত্তীয় পৰিচালনাৰ স্বাৰ্থত এখন কমিটী নিযুক্তিৰ বাবে একতৰফা নিৰ্দেশ কামনা কৰা হৈছে।