NORTHEAST NOW (Assamese)

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা: বিজ্ঞান শাখাত প্ৰথম হোজাইৰ অমৰ সিং থাপা

May 31, 2018 8:59 am · নিখিল মুন্দ্ৰা
Updated: July 8, 2019 3:54 pm
বিজ্ঞান শাখাৰ প্ৰথম স্থানপ্ৰাপ্ত অমৰ সিং থাপা

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল আজি ঘোষণা কৰা হৈছে।

সংসদৰ ৱেবছাইট ahsec.nic.in ত ছাত্ৰ-ছাত্ৰীসকলে ফলাফল চাব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে লগতে resultsassam.nic.in টো ফলাফল চাব পাৰিব।

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ বিজ্ঞান শাখাত হোজাইৰ আজমল কলেজ অৱ আৰ্টছ, কমাৰ্চ এণ্ড চায়েন্সৰ ছাত্ৰ অমৰ সিং থাপাই বিজ্ঞান শাখাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে।

বাণিজ্য শাখাত দশম স্থানপ্ৰাপ্ত অক্ষিত চৌচাৰিয়া

তেওঁ মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৮৬ নম্বৰ লাভ কৰিছে।

আনহাতে, হোজাইৰ শংকৰদেৱ জুনিয়ৰ কলেজৰ অক্ষিত চৌচাৰিয়াই বাণিজ্য শাখাত দশম স্থান লাভ কৰিছে।

এইবাৰ বিজ্ঞান, বাণিজ্য আৰু কলা –এই তিনিটা শাখাত মুঠ ২,৫৪,৫৬৪ জন শিক্ষার্থীয়ে পৰীক্ষাত অৱতীর্ণ হৈছিল ৷ ৰাজ্যখনত মুঠ পৰীক্ষা কেন্দ্ৰ আছিল ৮২৬টা।

ৰিজাল্ট চাব পৰা ৱেবছাইটকেইটা হ’ল  www.ahsec.nic.in,  www.indiaresults.com,  www.jagranjosh.com,  www.school.gradeup.cowww.examresults.netresults.amarujala.comwww.results.shikshawww.assamonline.inwww.iresults.netwww.exametc.comwww.knowyourresult.comwww.timesofindia.comwww.examresults.net/assam/,www.schools9.comwww.assam.shikshawww.assamjobalerts.comwww.yesresult.com

 

Related News