NORTHEAST NOW (Assamese)

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ মুখ্য মন্ত্ৰী সোণোৱালৰ অভিনন্দন

May 31, 2018 5:45 pm · এন ই নাও নিউজ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ফলাফল ঘোষিত হোৱা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত ২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ পৰীক্ষাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে সমূহ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

মুখ্য মন্ত্ৰী গৰাকীয়ে পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীৰে উজ্জ্বল ভৱিষ্যৎ কামনা কৰাৰ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী সকললৈও অভিনন্দন জ্ঞাপন কৰিছে।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে এক প্ৰেছ বিবৃতিযোগে ছাত্ৰ-ছাত্ৰী সকলক প্ৰতিযোগিতামূলক মনোভাৱেৰে অধ্যয়নত ব্ৰতী হৈ নিজৰ সু-ভৱিষ্যৎ গঢ় দিয়াৰ লগতে ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াবলৈও আহ্বান জনায়।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে এই পৰীক্ষাথ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলকো হতাশ নহৈ দৃঢ় লক্ষ্য লৈ অধিক নিষ্ঠা আৰু একাগ্ৰতাৰে অধ্যয়নত ব্ৰতী হ’বলৈ আহ্বান জনাই যাতে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰীক্ষাত সফল হ’ব পাৰে।

Related News