• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চ-উচ্চতৰ মাধ্যমিকত অন্তৰ্ভুক্ত হ’ব কৃষি বিষয়ক পাঠ্যক্ৰম : দয়ানন্দ বৰগোহাঁই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 30, 2018 11:37 pm
DayanandaBorgohain
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ভাৰতৰ আন আন ৰাজ্যত কৃষিৰ ক্ষেত্ৰত যেনেকৈ গুৰুত্ব দি আগ বাঢ়িছে আমাৰ ইয়াত আগ বঢ়া নাই, কাৰণ অসমৰ মানুহে ভাবে যে বছৰটোৰ জোখাৰে খাবলৈ জুৰিলেই হ’ল।” এই মন্তব্য উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়াদন্দ বৰগোহাঁইৰ।

আজি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্য্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এইদৰে কয় উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষজনে।

উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যকে ধৰি অন্য বহুকেইজন কৃষি গৱেষক আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ মাজত আজি উচ্চ-উচ্চতৰ মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কৃষি বিষয়ক পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।

উক্ত আলোচনা চক্ৰৰ পাছতেই এখন সংবাদমেল অনুষ্ঠিত কৰে অধ্যক্ষ দয়ানন্দ বৰগোহাঁয়ে।

“আজিৰ তাৰিখত কৃষিটো অসমত ঘৃণাৰ বস্তুৰ দৰে হৈ আছে” এইবুলি মন্তব্য কৰাৰ উপৰি তেওঁ কয়, “জনসংখ্যাৰ বিস্ফোৰণ আৰু নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে কৃষিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব।”

তদুপৰি এই সম্পৰ্কে আজি কৃষি মন্ত্ৰীৰ সৈতে এক বৈঠকত অনুষ্ঠিত কৰা হৈছে বুলি সংবাদ মেলত জানিবলৈ দিয়াৰ লগতে তেওঁ কয় “যিহেতু ৰাজ্যখনৰ ৭৫ শতাংশ লোক কৃষি ক্ষেত্ৰৰ সৈতে জড়িত তথা কৃষক পৰিয়ালৰ পৰা অহা গতিকে এই বিষয়ত যিমানখিনি উন্নয়ন কৰিব পৰা যাব, অন্য বিষয়ত পৰা নাযাব।”

তেওঁ কয়, “মই অধ্যক্ষ পদ লোৱাৰ পাছত বিদ্যালয় পৰ্য্যায়ত কৃষি বিষয়টো প্ৰশিক্ষণ ল’ব পৰা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰাৰম্ভিক আলোচনা চলাইছিলো, কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ সৈতে আলোচনা কৰা হৈছিল, যাতে ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰিব পাৰি। কিন্তু সেই ধাৰণাটো কিছু সলনি হৈছে। আজি কৃষি মন্ত্ৰীৰ সৈতে হোৱা আলোচনাত তেওঁ বিভাগীয় ফালৰ পৰা সহায় কৰাৰ আশ্বাস দিছে।”

আনহাতে, নৱম আৰু দশম শ্ৰেণীত কৃষিৰ বিষয়টো আছে কিন্তু তাক জনপ্ৰিয়কৰণ কৰা হোৱা নাই বুলি তেওঁ সংবাদ মেলত কয়।

“নৱম আৰু দশম শ্ৰেণীত কৃষি বিষয় অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে একাদশ আৰু দ্বাদশ শ্ৰেণীত সেই বিষয় অধ্যয়ন কৰি কৃষি বিশ্ববিদ্যালয়ত পঢ়াৰ বাবে আসন পাব নে নাই?” প্ৰশ্ন কৰি তেওঁ লগতে কয় “কিন্তু এই পাঠ্যক্ৰমটো আসন লাভ কৰিবৰ বাবে উপযোগী নহয়, সেয়েহে কৃষি বিশ্ববিদ্যালয়ত পঢ়াৰ সুবিধা পোৱা নাই।”

এতিয়ালৈকে হাইস্কুলৰ শিক্ষকৰ মাজত ৬৫ গৰাকী কৃষি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষক আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয়, “এই সংখ্যা বঢ়াই ১০০ ৰো অধিক কৰাৰ চিন্তা-চৰ্চা কৰি থকা হৈছে। উচ্চতৰ মাধ্যমিকতো এই শিক্ষকসকলক নিযুক্তি দি ক্ৰমাগতভাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৃষি বিষয়টো জনপ্ৰিয় কৰি এটা কৃষি বিষয়ক ডিপ্ল’মা ল’ব পৰাকৈ অন্তৰ্ভুক্ত কৰি তেওঁলোকক ধাৰণা দিম যে স্ব-নিৰ্ভৰশীলতাৰ বাবেহে ডিপ্লমাটো লৈছে।”

“স্ব-নিৰ্ভৰশীলতাৰ ক্ষেত্ৰত চৰকাৰেও সহায় কৰিব লাগিব, লগতে আমি ক’ৰ্পৰেট ছেক্টৰত অন্তৰ্ভুক্ত হ’ব লাগিব। কৃষিৰ ব্যৱসায়টোক জীৱিকা হিচাপে ল’ব পাৰিব লাগিব। ধৰি লওক ১০০০ বিঘা কৃষি কোনো লোকে ক্ৰয় কৰি লৈ তেওঁ বাণিজ্য আৰম্ভ কৰিব, সেই ব্যৱস্থাটো কৰিব লাগিব।” বিষয়টো সন্দৰ্ভত তেওঁ এনেদৰে নিজৰ ধাৰণা ব্যক্ত কৰে।

উল্লেখ্য যে, প্ৰত্যেক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একোখনকৈ শাক-পাচলিৰ বাগিচা পাতিব লাগিব বুলি নিৰ্দেশনা জাৰি কৰা হ’ব বুলি ঘোষণা কৰি তেওঁ কয় “বিদ্যালয়সমূহত বাৰিষা বৰষুণৰ পানী জমা কৰিব পৰা ব্যৱস্থা কৰিব লাগিব, যাতে মানুহে সেই পানী নিষ্কাশন কৰি খাব পাৰিব লগতে শাক-পাচলিতো দিব পৰা যাব।”

“এই ব্যৱস্থাৰ জৰিয়তে খেতি কৰিম নেকি, সেই লাজটো ছাত্ৰ-ছাত্ৰীসকলে ভাঙিব পাৰিব।” বৰগোহাঁইৰ মন্তব্য।

লগতে, যিসমূহ উচ্চ-উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৃষি বিষয়ক শিক্ষক আছে, সেই বিদ্যালয়সমূহত কৃষি বিষয়টো এই বৰ্ষৰ পৰাই আৰম্ভ কৰি দিব পাৰি যদিও পাঠ্যক্ৰমটো ভবা-চিন্তাৰ মাজেৰে প্ৰস্তুত কৰিব লাগিব বুলি তেওঁ সদৰী কৰে।

আনহাতে, ডিপ্ল’মা পৰ্য্যায়লৈ এই বিষয়টো কেনেকৈ লৈ যাব পৰা যায়, সেই বিষয়টো আজিৰ বৈঠকত আলোচনা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখ্য যে, সংবাদমেলতে তেওঁ হস্ত-তাঁত শিল্প অন্তৰ্ভুক্ত কৰাৰ কথাটো চলি আছে বুলি উল্লেখ কৰাৰ লগতে কয়, “উচ্চতৰ মাধ্যমিক পৰ্য্যায়ত হস্ত-তাঁত শিল্পৰ প্ৰশিক্ষণটো দিয়াৰ চেষ্টা চলাই থকা হৈছে।”

ইয়াৰোপৰি আন কোনো বিষয়ৰ সলনি কৃষি বিষয়টোও ছাত্ৰ-ছাত্ৰীয়ে ল’ব পাৰিব সেই বিষয়টো চিন্তা-চৰ্চা চলাই থকা হৈছে বুলি তেওঁ সংবাদ মেলত জানিবলৈ দিয়ে।

আনহাতে, উক্ত বৈঠকৰ অন্তত কৃষি মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমত কয় “ৰাজ্যখনত অৰ্থনৈতিক বিকাশ সম্ভৱ কৰি তুলিবলৈ হ’লে কৃষি ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাহিৰে বিকল্প নাই। কাৰণ ৰাজ্যখনত প্ৰায় ৭০ শতাংশ লোকে কৃষিৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ কৃষিয়েই হৈছে একমাত্ৰ জীৱিকাৰ উপায়।”

“কৃষি ক্ষেত্ৰলৈ পৰিবৰ্তন অনাৰ বাবে চৰকাৰে ইতিমধ্যে ব্যৱস্থা হাতত লৈছে।” এই বুলি উল্লেখ কৰি তেওঁ কয়, “যিহেতু শিক্ষা বিভাগটো মোৰ দায়িত্বত নাই, গতিকে মই বিষয়টো সন্দৰ্ভত শিক্ষা মন্ত্ৰীৰে আলোচনা কৰিম।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd