উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সত্ত্বেও ১৫ ছেপ্টেম্বৰৰ ভিতৰত নহ’ব পঞ্চায়ত নিৰ্বাচন

Panchayat

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ থকা সত্ত্বেও ৰাজ্যৰ নিৰ্বাচন আয়োগে অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰিছে।

এই অপাৰগতাৰ বাবে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি আৰু এন আৰ চিৰ কামক কাৰণ হিচাপে দেখুওৱা হৈছে।

ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই জানিবলৈ দিয়ে যে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে নিৰ্বাচনলৈ প্ৰস্তুতি চলোৱাত সমগ্ৰ ৰাজ্যতে অসুবিধাই দেখা দিছে।

আনহাতে, এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশো ৩০ জুনৰ পৰিৱৰ্তে ৩০ জুলাইত হোৱাত ৰাজ্যৰ কৰ্মচাৰীসকল যোৱা এমাহ ধৰি এন আৰ চিৰ কামতে থাকিল, পঞ্চায়ত নিৰ্বাচনৰ কামত তেওঁলোকক লাভ কৰিবলৈ সক্ষম নহ’ল ৰাজ্যিক নিৰ্বাচন আয়োগ।

এইবোৰ কাৰণতে ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া সময়ৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহ‘ব। আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অতিৰিক্ত সময় বিচাৰি শীঘ্ৰেই ন্যায়ালয়ত আৱেদন জনাব বুলি বিষয়াজনে জানিবলৈ দিয়ে।