• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্ছেদ সম্ভৱ নহয় অৰ্কিড উদ্যানত, সৃষ্টি হ’ব পাৰে আইন-শৃংখলাজনিত সমস্যা : বোকাখাতৰ মহকুমাধিপতি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2018 10:00 am
kazirangaorchid_park
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানৰ প্ৰায় ৬ বিঘা মাটিৰ পৰা দখল উচ্ছেদৰ বাবে চৰকাৰৰ দ্বাৰা আক্ৰোশমূলকভাৱে জাননী প্ৰেৰণৰ ঘটনাক লৈ এতিয়া সংকটত পৰিছে বোকাখাত মহকুমা প্ৰশাসন। এই জাননীক লৈ সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাত মহকুমাৰ অন্তৰ্গত আৰু জাতীয় অৰ্কিড উদ্যানৰ আশ-পাশৰ স্থানীয় লোকৰ প্ৰতিক্ৰিয়া দেখি শংকাত পৰিছে মহকুমাধিপতি বিবেক শ্যাম পাংগিয়ক। উচ্ছেদ হ’লে সৃষ্টি হ’ব পৰা পৰিস্থিতিক লৈ চিন্তিত মহকুমাধিপতিজনে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগলৈ বিষয়টো সন্দৰ্ভত প্ৰেৰণ কৰা প্ৰতিবেদনত এই শংকা স্পষ্ট হৈ পৰিছে।

উল্লেখযোগ্য যে কৃষক মুক্তিৰ দ্বাৰা স্থাপিত আৰু দেশী-বিদেশী পৰ্য্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা তথা বহু সংখ্যক থলুৱাৰ সংস্থাপনৰ বাট মোকলোৱা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত অসম চৰকাৰে এতিয়ালৈকে কেইবাবাৰো জৰীপ চলাই উদ্যানখনৰ অন্তৰ্ভুক্ত মাটিৰ বৈধতা সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা কৰি অৱশেষত যোৱা ৫ তাৰিখে ইয়াৰ প্ৰায় ৬ বিঘা মাটি বেআইনীভাৱে দখল কৰা বুলি উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে।

কিন্তু তাৰ পিছতে স্থানীয় ৰাইজ আৰু অন্যান্য দল-সংগঠনৰ পৰা এই উচ্ছেদৰ জাননী উঠাই ল’বলৈ আৰু উচ্ছেদ নকৰিবলৈ চৰকাৰক আৱেদন-নিবেদন কৰিছে। মহকুমাধিপতিজনে তেওঁৰ প্ৰতিবেদনত উল্লেখ কৰিছে এইদৰে, “কাজিৰঙা জাতীয় উদ্যানৰ নামত মাটিৰ পট্টা বিচাৰি অখিল গগৈ, ৰতন দাওকে ধৰি মুঠ পাঁচজন ব্যক্তিয়ে আবেদন জনাইছিল। সেই আবেদনৰ ভিত্তিত  চৰজমিন তদন্ত, ক্ৰমে কাজিৰঙা মৌজাৰ হালোৱা এন চি গাঁৱৰ ১৭১, ৩৯৮, ১৭৫, ২৩২, ২৩৩ আৰু ৩৮৩ দাগৰ ২২ বিঘা ২ কঠা ১০ লোচা চৰকাৰী মাটিৰ প্ৰতি বিঘাত ১,০৫,৩০০ টকা হিচাপে মুঠ ২৩,৬৯,২৫০ টকা প্ৰিমিয়াম ধাৰ্য্য কৰি ২৬ অক্টোবৰ ২০১৫-ত আবণ্টনৰ বাবে প্ৰস্তাৱ দাখিল কৰে।

উক্ত বিষয় সন্দৰ্ভত উক্ত মাটিখিনিৰ চৰজমিন পুনৰ জৰীপ কৰাত ২২ বিঘা ২ কঠা ১০ লোচাৰ ঠাইত বৰ্তমান উদ্যানখনৰ দখলত ২৮ বিঘা ৪ কঠা ২ লোচা মাটি পোৱা গৈছে। অৰ্থ্যাৎ ৬ বিঘা ১ কঠা ১২ লোচা মাটি উদ্যানৰ অতিৰিক্ত দখলত দেখা যায়। এই মাটিখিনিৰ ১৭১ নং দাগত ৪ কঠা ৬ লোচা মাটিত উদ্যান কৰ্তৃপক্ষৰ দ্বাৰা নেপালী গোৰ্খা সংগ্ৰাহালয় স্থাপন কৰা আছে, আৰু ৩৯৮ দাগৰ ৫ বিঘা ২ কঠা ৬ লোচা মাটিত পুখুৰী, গছ আদিৰে দখল কৰি আছে।

গতিকে উল্লেখিত পুখুৰী আৰু গছ-গছনি থকা মাটিসমূহ উচ্ছেদ কৰা সম্ভৱপৰ নহ’ব।”

আনহাতে প্ৰতিবেদনখনত আকৌ লিখা হৈছে, “অৰ্কিড উদ্যানখনৰ সচিবে ২৩-০৫-২০১৮ তাৰিখৰ KNOBP/2018/12 নং চিঠিৰ জৰিয়তে জনাইছে যে এই অতিৰিক্ত পৰিমাণৰ ৬ বিঘা ১ কঠা ১২ লোচা মাটি স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি ভোগদখল কৰি থকা মাটি আৰু সেই মাটি অৰ্কিড উদ্যানক দখলীস্বত্ব হস্তান্তৰ কৰা বুলি জিলা উপায়ুক্তক জনাই এই মাটি অৰ্কিড উদ্যানৰ নামত আবণ্টন কৰিবলৈ আবেদন জনাইছিল।”

আনহাতে সদৌ অসম গোৰ্খা(নেপালী) ছাত্ৰ সন্থাৰ বোকাখাত আঞ্চলিক সভাপতি/সম্পাদকে ৮ জুনৰ দিনা আবেদন যোগে উদ্যানৰ অতিৰিক্ত ৬ বিঘা মাটিত অৱস্থিত গোৰ্খা সাংস্কৃতিক সংগ্ৰহালয়টো উচ্ছেদৰ পৰা ৰক্ষা কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে অসম গোৰ্খা সন্মিলনৰ গোলাঘাট জিলা শাখাই গোৰ্খা সংগ্ৰহালয়টো ৰক্ষণাবেক্ষণ কৰাৰ বাবে জিলা উপায়ুক্তক স্মাৰক পত্ৰৰে দাবী জনায়।

লগতে অসম গোৰ্খা সন্মিলনৰ সভাপতি মুখ্য সম্পাদকে স্মাৰক পত্ৰৰ জৰিয়তে আপুৰুগীয়া সম্পদটো ক্ষতি নকৰিবৰ বাবে অনুৰোধ জনায়।

ইয়াৰোপৰি জনৈক মিনাই শইকীয়া আৰু কিছুসংখ্যক লোকে ২১ জুনৰ দিনা উক্ত মাটি গাওঁবাসীয়ে স্ব-ইচ্ছাই উদ্যান কতৃপক্ষক দিয়াৰ লগতে স্থানীয় বহুতো লোকক সংস্থাপন দিয়া বুলি আবেদন জনাইছিল।

এই প্ৰতিবেদনৰ জৰিয়তে মহকুমাধিপতিগৰাকীয়ে বিভিন্ন জাতীয় দল-সংগঠনে স্মাৰক পত্ৰ আৰু স্থানীয় লোকসকলে ৰাজহুৱা পত্ৰ  প্ৰেৰণ কৰাৰ বাবে আইন-শৃংখলা জনিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ সচিবলৈ পত্ৰ প্ৰেৰণ কৰে যোৱা ৩০ জুনত।  এই প্ৰতিবেদন বিগত ১৯-০৬-২০১৮ তাৰিখৰ সচিবৰ টেলিফোনিক বাৰ্তাৰ সঁহাৰি হিচাপে দিয়া হৈছে বুলি লিখা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd