NORTHEAST NOW (Assamese)

উজনি অসমত অব্যাহত আলফা-ত্ৰাস : আলফাই অপহৰণ কৰিলে যুৱকক

December 15, 2017 7:29 pm · অভিক চক্ৰবৰ্তী
Updated: December 15, 2017 7:41 pm
?
সন্দেহযুক্ত আলফা (স্বা)ৰ পাঁচজন কেডাৰে আজি অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ আৰক্ষী থানাৰ অধীনৰ খামদু গাৱঁৰ পৰা এজন যুৱকক অপৰহণ কৰাৰ খবৰ আহিছে। অপহৃত যুৱকজনৰ নাম অৰ্ণৱ ফুকন (২৪) বুলি সূত্ৰটোৱে জানিবলৈ দিছে। অৰ্ণৱৰ দেউতাক দিলীপ ফুকন এজন ব্যৱসায়ী। অপহৰণ কৰি যুৱকজনক আলফা সদস্যকেইজনে জয়ৰামপুৰ আৰু জাগুনৰ মাজত থকা ৰাষ্ট্ৰীয় পথৰ দিশত লৈ গৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে ব্যৱসায়ী দিলীপ ফুকনৰ জাগুনৰ ১০ মাইলত শিলভঙা উদ্যোগ আছে। তেওঁ পুৰণি খামদু গাৱঁৰ পৰা ব’ল্ডাৰ অনাইছিল। অৰ্ণৱে তেওঁৰ দেউতাকৰ ব’ল্ডাৰৰ কাম চাবলৈ গৈছিল। এটা বিশেষ সূত্ৰই কয় যে আলফাই দিলীপ ফুকনক এমাহৰ পূৰ্বে ৩ লাখ টকা দাবী কৰিছিল।

Related News