NORTHEAST NOW (Assamese)

উত্তৰ গাৰো পাহাৰত পথ দুৰ্ঘটনাত ৩ যুৱকৰ মৃত্যু

December 11, 2017 8:47 am · এন ই নাও নিউজ

দেওবাৰে সন্ধিয়া উত্তৰ গাৰো পাহাৰত এখন মটৰ চাইকেল আৰু বাছৰ মাজত হোৱা সংঘৰ্ষত তিনিগৰাকী যুৱকৰ মৃত্যু হয়। ইয়াৰে দুগৰাকী যুৱকে ঘটনাস্থলীতে মৃত্যুক সাৱটি লয় আৰু আনগৰাকী গুৰুতৰভাৱে আহত যুৱকৰ ওচৰৰে কমিউনিটি হেল্থ চেন্টাৰত ভৰ্তি কৰাৰ পিছতে মৃত্যু হয়।

তিনিগৰাকী যুৱকে মটৰ চাইকেলেৰে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰ বেগী বাছৰ সৈতে খুন্দা লাগি এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

উত্তৰ গাৰো পাহাৰৰ  ছাৰাঙমা গাওঁত দুৰ্ঘটনাটো সংঘটিত হয়। দক্ষিণ গাৰো পাহাৰৰ নংগালবিব্ৰাৰ পৰা অহা এম এল ০৭-৪৮৯২ নম্বৰ বাছখনত যুৱক তিনিজনে উঠি অহা মটৰ চাইকেলখনে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

দুৰ্ঘটনাত নিহত হোৱা যুৱক কেইজনক খাৰকুট্টাৰ নিকটৱৰ্তী গাইৰং গাওঁৰ জিলঙষ্টোন মাৰাক, বলচেন মাৰাক আৰু এপিন এৰেংঘ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে দুৰ্ঘটনাটো সম্পৰ্কত এটা গোচৰ ৰুজু কৰিছে।

ৰাজ্যখনত সঘনে সংঘটিত হৈ থকা পথ দুৰ্ঘটনাসমূহৰ বাবে বাট পথৰ দুৰাৱস্থা আৰু চালকৰ নিয়ন্ত্ৰণহীন গাড়ী চালনাই জগৰীয়া বুলি সচেতন মহলে অভিযোগ কৰে।

Related News