হিন্দী বলয়ত জনপ্ৰিয়ভাৱে চৰ্চিত মোদী ঢৌৰ প্ৰসংগটোক কোনো কোনো ৰাজনৈতিক বিশ্লেষক তথা চতুৰ ৰাজনৈতিক নেতাই উত্তৰ-পূবৰ নিৰ্বাচনকেইটাৰ ফলাফলৰ সৈতে জোৰা দিয়া দেখা গৈছে। এনেকুৱা দৃষ্টিকোণৰ বিশ্লেষণ যে সবল যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, সেয়া একেষাৰে ক’ব পাৰি। ইয়াতকৈ অঞ্চলটোৰ (আনকি ৰাষ্ট্ৰীয় পৃষ্ঠভূমিতো) নিৰ্বাচনী ৰাজনীতিৰ শেহতীয়া পটপৰিৱৰ্তনক প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কথাটোৰে অধিক ভালকৈ বুজিব আৰু বুজাব পাৰি।
দুটা কথাই এই ক্ষেত্ৰত আমাৰ চকুৰ চানি গুচাবলৈ যথেষ্ট যে শেহতীয়াকৈ উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ নিৰ্বাচনত মুঠ ১৭৮ টা সমষ্টিৰ (ত্ৰিপুৰা আৰু মেঘালয়ৰ এটাকৈ বাদ পৰা সমষ্টিক ধৰা নাই) মাত্ৰ ৫৯ খন আসনহে দখল কৰিব পাৰিছে। ইয়াৰে ত্ৰিপুৰাৰে আছে ৩৫খন আসন। দ্বিতীয় কথাটো হ’ল এই নিৰ্বাচনত প্ৰধান মন্ত্ৰী মোদীয়ে প্ৰচাৰ চলোৱা প্ৰায় আটাইবোৰ সমষ্টিতে বিজেপি পৰাজিত হৈছে। মেঘালয়ৰ গাৰো পাহাৰত মোদীৰ উপৰি অমিত শ্বাহ, স্মৃতি ইৰাণীৰ দৰে জ্যেষ্ঠ নেতাই প্ৰচাৰ চলাইছিল। কিন্তু গাৰো পাহাৰৰ ২২ সমষ্টিৰ এটাতো বিজেপি নিজিকিল। সেইদৰে মোদীয়ে প্ৰচাৰ চলোৱা ত্ৰিপুৰাৰ চাৰিটা সমষ্টিৰ দুটাত বিজেপি জিকাৰ বিপৰীতে হাৰিছে দুটাত। নাগালেণ্ডত মোদীয়ে প্ৰচাৰ চলোৱা Tuensang সমষ্টিত বিজেপি নিজিকিল।
অৱশ্যে ত্ৰিপুৰাৰ ফলাফল সামগ্ৰিকভাৱে বিজেপিৰ পক্ষে গ’ল। কিন্তু এইটোক মোদী ঢৌ বোলাতকৈ প্ৰতিষ্ঠান বিৰোধী ঢৌ বোলাৰ অধিক থল আছে। কিয়নো, তাত বিগত ২৫ বছৰ কাল ধাৰাবাহিকভাৱে শাসন লাভ কৰা বাওঁমৰ্চাৰ প্ৰতি মানুহৰ অসন্তুষ্টি আৰু একঘেয়ামিয়ে ইতিপূৰ্বে এটা পৰ্য্যায়ত উপনীত হৈছিলগৈ। বহু দলীয় ৰাজনীতিৰ গণতান্ত্ৰিক দেশ এখনৰ ভোটাৰে ২৫ বছৰ কাল একেটা দলক শাসনৰ সুযোগ দিয়াটোৰ মাজতে আচলতে মানিক সৰকাৰ আৰু তেওঁৰ দলে নিজৰ প্ৰাপ্যখিনি বিচাৰি পায়। এইটো আমি পশ্চিম বংগতো দেখিছিলো।
প্ৰায় একে ধৰণৰ কথা ক’ব পাৰি অসম, মেঘালয়ৰ ক্ষেত্ৰতো। অসমত ইতিপূৰ্বে ১৫ বছৰ কাল কংগ্ৰেছ দলে শাসন চলাইছিল। ক্ৰমাগত তৃতীয়টো কাৰ্য্যকালৰ শেষৰ ফালে দলটোৱে এনে এটা সময়ত নিজৰ অপশাসনৰ বাবে সাধাৰণ মানুহৰ মাজত খোপনি হেৰুৱাবলৈ ধৰিলে, যি সময়ত তথাকথিত মোদী ঢৌ চলি আছিল। সংবাদ মাধ্যমে মানুহৰ চকু-কাণ-মগজুত দিন-ৰাতি দি থকা দৰবটোৱেই আছিল এই মোদী ঢৌ। আচলতে অসমৰ নিৰ্বাচন মোদী ঢৌৰ নহয়, বিসম্বাদ আৰু প্ৰতিষ্ঠান বিৰোধী ঢৌৰ নিৰ্বাচন আছিল। একেটা দল, একেবোৰ কথা, একেবোৰ নেতা, একেবোৰ প্ৰতিশ্ৰুতিৰ প্ৰতি মানুহ বীতশ্ৰদ্ধ হৈ পৰিছিল।
মেঘালয় আৰু নাগালেণ্ডৰ ক্ষেত্ৰতো একেখিনি কথা ফঁহিয়াই দেখুৱাব পাৰি। মেঘালয়ত মাজৰ এবছৰ মান সময় বাদ দিলে প্ৰায় ১৫ বছৰ কাল কংগ্ৰেছে ইতিপূৰ্বে শাসন কৰিছিল। তাৰ ভোটাৰে এই স্থিতাৱস্থাৰ পৰা মুক্ত হ’বলৈ মুকুল চাংমাৰ দৰেই আন এজন উপযুক্ত আৰু যুৱশক্তিৰে পূৰ্ণ নেতাক বাছি লোৱাটোক অন্যভাৱে ব্যাখ্যা কৰাৰ থল নাই।
নাগালেণ্ডতো একেদৰে প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ পূৰ্বৰ জনপ্ৰিয়তা নিৰ্বাচনী ফলাফলৰ নেপথ্যৰ এটা সবল কাৰণ। অসমৰ সৈতে থকা পাৰ্থক্যটো হ’ল- এই দুখন ৰাজ্যত ভোটাৰে এটা আস্থাত ল’ব পৰা স্থানীয় দলক বিকল্প হিচাপে পালে। অসমত সেইটো নাপালে। যাৰ কাৰণ হিচাপে বিজেপিক আদৰিব লগীয়া হ’ল।
মন কৰিব লগীয়া যে মেঘালয়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৫৯ খন আসনৰ বিজেপিয়ে মাত্ৰ ২খন আৰু নাগালেণ্ডত ৬০খনৰ মাত্ৰ ১২খন আসন পাইছে। কিন্তু দুয়োখন ৰাজ্যতে চৰকাৰৰ অংশীদাৰ।
আনহাতে অৰুণাচলত বিজেপিয়ে চৰকাৰ গঠন কৰিলেও সেইখন চৰকাৰক বিজেপিয়ে কেৰেয়াত লোৱা চৰকাৰ বুলিলেও ভুল কোৱা নহ’ব। বিজেপিয়ে তাত নিৰ্বাচন খেলি চৰকাৰ গঠন কৰা নাই।
গতিকে এই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত হোৱা নিৰ্বাচনী ফলাফলৰ জৰিয়তে আমি আচলতে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ ৰেহৰূপহে দেখা পাইছো।
অৱশ্যে এটা কথা সত্য যে ৰাজ্যকেইখনত বিজেপিৰ এটা নতুন মাত্ৰাত উত্থান ঘটিছে। অসমত ৬-৭জন বিধায়ক থকা এটা দলে চৰকাৰ গঠন কৰিব পৰাকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰাটো নিশ্চয় সবল উত্থান বুলিবৰ যোগ্য। কিন্তু দলটোৰ স্তাৱক বিশ্লেষকসকলে কৰা হৈ-চৈ বিলাকত আমি সত্য বিচৰাটো নিশ্চয় ভুল হ’ব। ‘কংগ্ৰেছমুক্ত’ ভাৰত আৰু ‘কংগ্ৰেছমুক্ত’ উত্তৰ-পূবৰ শ্ল’গানটোৰ যথাৰ্থতা আমি স্বীকাৰ কৰি ল’বলৈ হ’লে বিজেপিক বিধায়ক ‘কেৰেয়া’ত লোৱা দল বুলি কোৱাৰ বাহিৰে উপায় নাই।
কাৰণ মণিপুৰ আৰু মেঘালয়ত এতিয়াও কংগ্ৰেছেই একক সংখ্যাগৰিষ্ঠ দল। যোৱা নিৰ্বাচনত কংগ্ৰেছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছত অৰুণাচল প্ৰদেশতো বিধায়কসকলক দল পৰিৱৰ্তন কৰাই বিজেপিয়ে চৰকাৰ গঠন কৰিলেও তাত মোদী ঢৌৰ এতিয়াও অগ্নি পৰীক্ষা হোৱা নাই।