‘উত্তৰ-পূবৰ বাবে নিতি ফ’ৰাম’ স্থাপনৰ বাবে আজি জাননী জাৰি কৰিলে কেন্দ্ৰীয় চৰকাৰে

niti forum for ne states

‘উত্তৰ-পূবৰ বাবে নিতি ফ’ৰাম’ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে আজি এক জাননী জাৰি কৰিছে। নিতি আয়োগৰ উপাধ্যক্ষ এই ফ’ৰামৰ অধ্যক্ষ হ’ব আৰু ড’নাৰ মন্ত্ৰী হ’ব ইয়াৰ উপাধ্যক্ষ।

ড’নাৰ মন্ত্ৰ্যালয়ৰ লগতে এই ফ’ৰামৰ সচিবালয় থাকিব।

চৰকাৰী বিবৃতিত কোৱা হৈছে যে দেশৰ উত্তৰ-পূব অঞ্চলৰ ত্বৰান্বিত, সামগ্ৰিক আৰু বহনক্ষম আৰ্থিক উন্নয়নৰ বাটত থকা বিভিন্ন বাধাসমূহ চিনাক্ত কৰাৰ বাবে আৰু চিনাক্ত কৰা বাধাসমূহৰ সৈতে মোকাবিলা কৰিবৰ বাবে উপযুক্ত কাৰ্য্যব্যৱস্থাৰ পৰামৰ্শ আগবঢ়োৱাৰ বাবে নিতি ফ’ৰামক দায়িত্ব দিয়া হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ অৱস্থা সম্পৰ্কেও ই পৰ্য্যালোচনা কৰিব।

ড’নাৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং আৰু ড’নাৰ সচিব নৱিন বাৰ্মাই নিতি ফ’ৰাম স্থাপনৰ কথা যোৱা সপ্তাহত ঘোষণা কৰিছিল।

কেন্দ্ৰীয় চৰকাৰৰ বহুকেইটা মন্ত্ৰ্যালয়ৰ সচিবসকল, উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ মুখ্য সচিব, গৃ্হ মন্ত্ৰ্যালয়(উত্তৰ-পূব)ৰ যুটীয়া সচিবৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ বহুবিলাক বিশেষজ্ঞ ব্যক্তি এই ফ’ৰামৰ সদস্য হিচাপে থাকিব। শ্বিলঙৰ উত্তৰ-পূব পৰিষদৰ সচিব গৰাকী এই ফ’ৰামৰ সদস্য সচিব হিচাপে থাকিব।

চৰকাৰী বিবৃতিটোত লগতে কোৱা হৈছে যে, ‘ফ’ৰামে ইয়াৰ Terms of Referenceত বিশেষভাৱে উল্লেখ নথকা কিন্তু গুৰুত্বপূৰ্ণ যিকোনো অন্য বিষয় পৰীক্ষা আৰু মোকাবিলা কৰিব পাৰিব। ইয়াৰ কাম-কাজ, বৈঠক, ক্ষেত্ৰ ভ্ৰমণ বা উপ-গোট আদি গঠন সম্পৰ্কে ই নিজাকৈ কাৰ্য্য প্ৰণালী তৈয়াৰ কৰিব পাৰিব।’