উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন আঁচনিখন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসমবাসীৰ বাবে ৰঙালী বিহুৰ আগতীয়া উপহাৰ : পাটোৱাৰী

22-03-18 Guwahati- Chandra Mohan Patowary PMT (5)

‘’ অসমে পুনৰ ভাৰত আৰু আছিয়ান দেশৰ সহযোগিতাৰ কেন্দ্ৰ হিচাপে নিজৰ স্থান লাভ কৰিছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্ট ইষ্ট নীতিক নতুন ৰূপ প্ৰদান কৰি আছিয়ান দেশসমূহৰ ক্ষেত্ৰত ইয়াৰ সফলতাক বাস্তৱ ৰূপ দিছে।’ আজি দিচপুৰ জনতা ভৱনত এখন সংবাদ মেলত এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ উদ্যোগ তথা পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

এই সন্দৰ্ভত তেওঁ এডভান্টেজ অসমৰ প্ৰসংগ দাঙি ধৰি কয়, ‘’অসম চৰকাৰে যোৱা ৩ আৰু ৪ ফেব্ৰুৱাৰিত ‘এডভান্টেজ আসাম’ শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনৰ আয়োজন কৰি বৃহৎ সফলতা লাভ কৰিছে। এই সন্মিলনে বিশেষকৈ আছিয়ান আৰু বি বি এন দেশসমূহৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠান আৰু ৰাজনৈতিক নেতৃবৰ্গক আকৰ্ষণ কৰিছিল। আমি প্ৰায় ১ লাখ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱ লাভ কৰিছো।‘’

এক্ট ইষ্ট নীতিৰ মুল বিষয়বস্তু সন্দৰ্ভত পাটোৱাৰীয়ে কয়, ‘প্ৰতিটো উদ্যোগে এই নীতি তথা আঁচনিৰ অধীনত সৰ্বোচ্চ ২০০ কোটি টকা ৰাজসাহায্য লাভ কৰাৰ লগতে ৰেহাইয়ো লাভ কৰিব। লগতে ১ এপ্ৰিল ২০১৭ ৰ পৰা ৩১ মাৰ্চ ২০২০ চনৰ ভিতৰত পঞ্জীভুক্ত উদ্যোগ গোটে এই আঁচনিৰ সুফল লাভ কৰিব। এই সময়সীমাৰ ভিতৰত পঞ্জীকৃত উদ্যোগসমূহে ৫ বছৰৰ বাবে এই আঁচনিৰ অধীনত সাহায্য লাভ কৰিব।‘

আনহাতে, বিত্তীয় তথা পৰিবহন ক্ষেত্ৰৰ উদগণিৰ ক্ষেত্ৰত এই আঁচনিখনৰ ভূমিকা সন্দৰ্ভত তেওঁ মন্তৱ্য প্ৰকাশ কৰি কয়, ‘’বিত্তীয় উদগণি হিচাপে উদ্যোগসমূহে উৎপাদন আৰম্ভ হোৱা বৰ্ষৰ পৰা ৫৮ শতাংশ আয়কৰ ঘূৰাই পোৱাৰ উপৰিও ৫৮ শতাংশ চি জি এছ টি আৰু আই জি এছ টি ঘূৰাই পাব। লগতে পৰিবহনৰ ক্ষেত্ৰত পূৰ্বতে থকা স্থল পৰিবহনৰ বিপৰীতে ৰে’ল, জল পৰিবহন আৰু বিমান পৰিবহনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে। ৰে’লৰ যোগেদি সামগ্ৰী পৰিবহনৰ বাবদ মুঠ ব্যয়ৰ ২০ শতাংশ সাহায্য, জল পৰিবহনৰ বাবদ ব্যয়ৰ ২০ শতাংশ সাহায্য আৰু এটা বিমান বন্দৰৰ পৰা আকাশমাৰ্গেৰে অন্য বিমান বন্দৰলৈ পৰিবহন ব্যয়ৰ বাবদ ৩৩ শতাংশ সাহায্য ধাৰ্য কৰা হৈছে।‘’

তদুপৰি, কাৰখানা গৃহ আৰু যন্ত্ৰপাতিত বিনিয়োগৰ ক্ষেত্ৰত প্ৰতি উদ্যোগ গোটক ৩০ শতাংশ ৰাজসাহায্যত সৰ্বোচ্চ ৫ কোটি টকা প্ৰদান কৰাৰ লগতে উৎপাদন আৰম্ভ হোৱা বৰ্ষৰ পৰা ৩ শতাংশ  হাৰত ৫ বছৰলৈ সুদৰ সাহায্য লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উক্ত সংবাদ মেলত জানিবলৈ দিয়ে।

আনহাতে, তেওঁ কেন্দ্ৰীয় বীমা উদগণিমূলক সাহায্যৰ সন্দৰ্ভত কয়, ‘’উৎপাদন আৰম্ভ কৰা দিনৰে পৰা ৫ বছৰলৈ কাৰখানা গৃহ আৰু যন্ত্ৰপাতিৰ বাবদ জমা দিয়া ১০০ শতাংশ বীমা ঘুৰাই দিয়া হ’ব। তদুপৰি প্ৰধানমন্ত্ৰীৰ প্ৰোৎসাহন যোজনাৰ অধীনত ইপিএছত নিয়োগকৰ্তাক ৮.৩৩ শতাংশ অনুদান দিয়াৰ উপৰিও ৩.৬৭ শতাংশ ধন আগবঢ়োৱা হ’ব।‘’

তেওঁ লগতে কয়, ‘‘MSME উদ্যোগসমূহৰ বাবে কৰ্পাছ ফাণ্ড ৰখা হৈছে। লগতে বৃহৎ উদ্যোগৰ বাবে ১৫০ শতাংশ ৰাজসাহায্য ধাৰ্য কৰা হৈছে।‘’

তাৎপৰ্য্যপূৰ্ণভাৱে এই উন্নয়নমুখী আঁচনি নিবনুৱা যুবক-যুবতীসকলৰ নিয়োগৰ সুবিধা সৃষ্টি কৰাৰ বাবে সহায়ক হ’ব বুলি উদ্যোগ মন্ত্ৰী গৰাকীয়ে মন্তৱ্য কৰে। লগতে এই আঁচনিখন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসমবাসীৰ বাবে বিহুৰ উপহাৰ বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে, পাটোৱাৰীয়ে ধেমেলীয়াভাৱে  বিনিয়োগকাৰীসকলক মেকুৰীৰ সৈতে তুলনা কৰি কয়, ‘মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এডভান্টজ আসাম অনুষ্ঠিত কৰি মেকুৰীৰ ডিঙিত টিলিঙাটো ওলমাই দিলে। এতিয়া আমি গম পাম যে মেকুৰীটো কোনফালে গৈ আছে। হয়তো বিনিয়োগকাৰীসকলে ১ লাখ কোটি টকাৰ বিপৰীতে ২ লাখ কোটি টকাও ভবিষ্যতে বিনিয়োগ কৰিব পাৰে। সেয়া সময়ত গম পোৱা যাব।‘

উত্তৰ-পূবৰ সমূহ ৰাজ্যকে প্ৰধান মন্ত্ৰীৰ এই আঁচনিৰ সুযোগ গ্ৰহণ কৰাৰ বাবে তেওঁ আহ্বান জনায়।

তেওঁ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৭-৮ মাহৰো অধিক সময় অবিৰত প্ৰচেষ্টাৰ ফলত এই আঁচনিখন ঘোষিত হ’ল আৰু ৫ খন শ্ৰেষ্ঠ উন্নত ৰাজ্যৰ ভিতৰত অসমক প্ৰতিষ্ঠিত কৰাৰ বাবে  মুখ্য মন্ত্ৰীয়ে প্ৰচেষ্টা অব্যাহত ৰখা বুলিও মন্তব্য কৰে।

এই নীতি গ্ৰহণ কৰাৰ আঁৰত থকা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্য মন্ত্ৰীকে কেন্দ্ৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীসকল, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, সাংসদ-বিধায়ক আৰু সংবাদ মাধ্যমক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।