উত্তৰ-পূব ৰেইলৱেৰ ভালেকেইখন ৰে’ইলৰ গাড়ীৰ সময়সূচী সলনি

উত্তৰ-পূব ৰেইলৱেই আজি এক ঘোষণাৰ জৰিয়তে সংমণ্ডলটোৰ অধীনত চলাচল কৰা কিছু সংখ্যক স্থানীয় ৰেইলগাড়ীৰ সময় সালসলনি কৰে। অসম চৰকাৰৰ পৰা পোৱা এক অনুৰোধৰ পৰিপ্ৰেক্ষিতত এই সালসলনি কৰা বুলি ৰেইলৱেই কৰ্তৃপক্ষৰ সূত্ৰই জানিবলৈ দিছে।

নতুন সময়সূচী অনুসৰি সালসলনি ঘটা ৰেইলৰ চলাচলৰ সময় এনে ধৰণৰ :

55801- নিউ বঙাইগাওঁ-গুৱাহাটী মানস-ৰাইনো পেছেঞ্জাৰখনে এতিয়াৰ পৰা নিউ বঙাইগাৱঁৰ পৰা ৪-২৫ বজাত যাত্ৰা আৰম্ভ কৰিব। ৰঙিয়াৰ পৰা এইখনে ৭.৪৭ বজাৰ পৰিৱৰ্তে ৭.১৯ বজাত গতি কৰিব। গুৱাহাটী পাব ৯.১৫ ৰ পৰিৱৰ্তে ৮.৫০ত।

আনহাতে 75723 নিউ বঙাইগাওঁ-গোৱালপাৰা-গুৱাহাটী-ডিমু খনে এতিয়াৰ পৰা পূ্ৰ্বৰ ৫.১৫ বজাৰ পৰিৱৰ্তে নিউ বঙাইগাওঁ এৰিব ৪.৪৫ ত আৰু গুৱাহাটী পাব ৯.২৫ ৰ পৰিৱৰ্তে ৯.০৫ ত।

55604 মৈৰাবাৰী-চাপৰমুখ-গুৱাহাটী-কলংপাৰ পেছেঞ্জাৰখনে এতিয়াৰ পৰা পূ্ৰ্বৰ ৪.৩৫ বজাৰ পৰিৱৰ্তে মৈৰাবাৰী এৰিব ৪.০০ ত। এইখনে চাপৰমুখ এৰিব ৬.৪৭ৰ পৰিৱৰ্তে ৬.১২ বজাত আৰু এতিয়াৰ পৰা গুৱাহাটী পাব ৯.৩৫ ৰ পৰিৱৰ্তে ৯.০৫ ত।

আনহাতে 15769 আলিপুৰ দুৱাৰ-লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছখনে এতিয়াৰ পৰা আলিপুৰ দুৱাৰ জংচন  এৰিব পূ্ৰ্বৰ ৩.৪৫ বজাৰ পৰিৱৰ্তে ৩.২০ ত। এইখনে নিউ বঙাইগাওঁ এৰিব ৫.৪৫ বজাৰ পৰিৱৰ্তে ৫.২০ বজাত। আৰু ৰঙিয়াৰ এৰিব ৮.২০ বজাৰ পৰিৱৰ্তে ৭.৪৭ বজাত আৰু গুৱাহাটী পাব ৯.৫৫ ৰ পৰিৱৰ্তে ৯.৩০ ত।

উপৰোক্ত সালসলনিৰ পৰিপ্ৰেক্ষিতত 55818 গুৱাহাটী-নিউ বঙাইগাওঁ পেচেঞ্জাৰখন এতিয়াৰ পৰা ৮.১০ বজাত গুৱাহাটী এৰিব আৰু কামাখ্যাৰ পৰা ৮.৩২ বজাত এৰিব।

এই নতুন সময়সূচী অহা ১৭ জানুৱাৰিৰ পৰা কাৰ্যকৰী হ’ব বুলি ৰেইলৱেই সূত্ৰটোৱে জনাইছে।