উত্তৰ পূৰ্বাঞ্চলত এই বছৰ অনুষ্ঠিত হ’ব কেইবাখনো বৃহৎ হকী টুৰ্নামেণ্ট

উত্তৰ পূৰ্বাঞ্চলত হকী জনপ্ৰিয় নহ’লেও হকী ইণ্ডিয়াই তিনিখন বৃহৎ হকী টুৰ্নামেণ্ট অনুষ্ঠিত কৰাৰ বাবে অসমৰ হোজাই আৰু মণিপুৰৰ ইম্ফলক বাচনি কৰিছে।

হোজাইত ৫ ৰ পৰা ১৪ জানুৱাৰিলৈকে অনুষ্ঠিত হ’ব অষ্টম ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় হকী প্ৰতিযোগিতা ২০১৮ (পুৰুষ)। অসম হকী সংস্থাৰ সহযোগিতাত হকী ইণ্ডিয়াই হোজাইত এই প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে।

উক্ত প্ৰতিযোগিতাখনত মুঠ ২১ টা দলে অংশ গ্ৰহণ কৰিব। আয়োজকসকলে  জনোৱা অনুসৰি অংশ গ্ৰহণকাৰীক বহু কেইটা দল ইতিমধ্যেই আহি হোজাইত উপস্থিত হৈছে।

সেইদৰে ৭ৰ পৰা ২১ জানুৱাৰিলৈকে ১৭ টা দলৰ মাজত ইম্ফলত অনুষ্ঠিত হ’ব অষ্টম ৰাষ্ট্ৰীয়  ছিনিয়ৰ হকী চেম্পিয়নশ্বিপ ২০১৮ৰ বি ডিভিজনৰ খেল সমূহ। মণিপুৰ হকী সংস্থাৰ সহযোগিতাত আয়োজিত এই প্ৰতিযোগিতাখনত অংশ গ্ৰহণৰ কথা আটাইকেইটা দলেই ইতিমধ্যেই নিশ্চিত কৰিছে।

উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলত এয়ে প্ৰথম বাৰৰ বাবে হকী ইণ্ডিয়াই তিনিখনকৈ বৃহৎ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে। ২০১৬ অলিম্পিকত ভাৰতীয় মহিলা হকী দলক নেতৃত্ব দিয়া পি সুশীলা চানুয়ে কয় যে, ‘আমি উচ্চমানৰ খেল প্ৰদৰ্শনৰ আৰু উত্তৰ পূৰ্বাঞ্চলত হকীৰ প্ৰসাৰৰ আশা কৰিছো।’

উল্লেখযোগ্য যে ইম্ফলত এখন হকী একাডেমি স্থাপন কৰাৰ কথা মণিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেন সিঙে ইতিমধ্যে ঘোষণা কৰিছে।

এই বছৰৰ জানুৱাৰিত হ’ব লগা অষ্টম হকী ইণ্ডিয়া জুনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাও মণিপুৰতে অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে মণিপুৰৰ পৰম্পৰাগত খেল খং কাংজেইৰ হকীৰ সৈতে ব্যাপক সাদৃশ্য আছে। এই খেলবিধক ফুট হকী হিচাপে সাধাৰণতে জনা যায়।