উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ নিৰ্বাচনকলৈ নতুন দিল্লীত বিজেপি-আৰএছএছ নেতাৰ বৈঠক

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং

উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য ক্ৰমে মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা বিধানসভাৰ আসন্ন নিৰ্বাচনকলৈ নতুন দিল্লীত দেওবাৰে গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ বাসভৱনত কেইবাগৰাকীও বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতাই এক বৈঠকত মিলিত হয়।

বৈঠকত ৰাজনাথ সিঙৰ উপৰিও আৰএছএছৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়া কৃষ্ণগোপাল, উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱকে ধৰি অন্যান্য নেতাসকল বৈঠকত উপস্থিত থাকে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালো বৈঠকত উপস্থিত আছিল। বৈঠকৰ সবিশেষ প্ৰকাশ পোৱা নাই যদিও সূত্ৰসমূহে জনোৱা মতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনাই আছিল ইয়াৰ মূল উদ্দেশ্য।

ত্ৰিপুৰাত বিজেপিয়ে ইণ্ডিজেনাৱাছ পীপুলছ ফ্ৰন্ট অফ ত্ৰিপুৰাৰ (আইপিএফটি) সৈতে নিৰ্বাচনী মিত্ৰতাৰ পক্ষত স্থিতি গ্ৰহণ কৰিছে কিয়নো ই ৰাজ্যখনৰ জনজাতীয় লোকৰ বুজন পৰিমানৰ জনসংখ্যাৰ প্ৰতিনিধিত্ব কৰে।

অলপতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক বিষয়সমূহ সুৰক্ষিত আৰু বিকশিত কৰি তোলাৰ দাবীটোৰ প্ৰতি সঁহাৰি জনাই এখন উচ্চ ক্ষমতাসম্পন্ন কমিটি গঠনৰ আশ্বাস দিছিল। অৱশ্যে আইপিএফটিয়ে দীৰ্ঘদিনৰ ধৰি বিচাৰি অহা সুকীয়া ৰাজ্যৰ দাবীক সমৰ্থন নকৰে বুলি বিজেপিয়ে স্পষ্ট কৰি দিছে।

বিজেপিৰ সৈতে মিত্ৰতাৰ কথা আইপিএফটিৰ সভাপতি এন চি দেৱৱাৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে। দেৱবাৰ্মাই কৈছে যে তেওঁলোকে সুকীয়া ৰাজ্যৰ দাবীটো সাময়িকভাৱে স্থগিত ৰাখিব কিয়নো কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সমস্যাবোৰ পৰীক্ষা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে।

খ্ৰীষ্টান সংখ্যা গৰিষ্ঠ মেঘালয় আৰু নাগালেণ্ডত বিজেপিয়ে ভাল প্ৰদৰ্শনৰ আশা কৰিছে। বিশেষকৈ কংগ্ৰেছৰ দখলত থকা মেঘালয়ত দলে ব্যাপক প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে, নাগালেণ্ডত শাসনত থকা এনপিএফৰ সৈতে মিত্ৰতা চলি আছে।