উত্তৰ পূৰ্বাঞ্চলৰ বাবে ২০১৮ হ’ব নিৰ্বাচনেৰে ভৰা

উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনে ভৰাই ৰাখিব নতুন বছৰটো। এই বছৰ অঞ্চলটোৰ ৪ খন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু প্ৰত্যেকখন ৰাজ্যৰ নিৰ্বাচনেই বিজেপিৰ বাবে হ’ব অতি গুৰুত্বপূৰ্ণ।

২০১৮ চনৰ সকলো নিৰ্বাচনতে উত্তপ্ত প্ৰতিদ্বন্দ্বিতা হোৱাৰ আশা কৰা হৈছে আৰু ই হ’ব ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বাভাস।

নাগালেণ্ডৰ নিৰ্বাচন ফেব্ৰুৱাৰি মাহত হোৱাৰ সম্ভৱনা আছে। এই নিৰ্বাচনত বৰ্তমান শাসনাধিস্থ নাগালেণ্ড পিপ’লচ ফ্ৰণ্টে পুনৰ গাদী দখলৰ চেষ্টা চলাব। এন পি এফ কেন্দ্ৰত শাসনাধিস্থ এন ডি এ’ৰ অংশীদাৰী দল হ’লেও খ্ৰীষ্টান প্ৰধান ৰাজ্যখনত বিজেপিৰ সৈতে ইয়াৰ নিৰ্বাচনপূৰ্ব কোনো মিত্ৰতা বা আসন বুজাবুজি নহয়। ২০১৩ নিৰ্বাচনত নাগালেণ্ডৰ ৬০ জনীয়া বিধানসভাৰ ৩৭ খন আসন দখল কৰি এন পি এফে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। ২০১৩ চনত বিজেপিয়ে মাত্ৰ ৪ খন আসন পোৱাৰ বিপৰীতে কংগ্ৰেছে পাইছিল ৮ খন আসন।

মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ শাসিত মেঘালয়ৰ বিধানসভা নিৰ্বাচন সকলো দলৰ বাবেই কঠিন হ’ব। ৬০ জনীয়া মেঘালয় বিধানসভাত কোনো দলেই যাদু সংখ্যা ৩১ পাবলৈ সক্ষম নহ’ব। উত্তৰ পূৰ্বাঞ্চলত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে বিজেপিয়ে এই ৰাজ্যখনৰ গাদী দখল কৰাক অগ্ৰাধিকাৰ দিছে।

ইয়াৰ বিপৰীতে ত্ৰিপুৰাৰ নিৰ্বাচন হ’ব বিজেপি আৰু বাম মৰ্চাৰ মাজৰ পোনপটিয়া যুঁজ। ৰাজ্যখনত হোৱা ২০১৩ ৰ বিধানসভা নিৰ্বাচনত ৬০ জনীয়া বিধানসভাৰ ৪৯ খন আসন দখল কৰি চি পি আই (এম)এ একেৰাহে পঞ্চম বাৰৰ বাবে শাসনলৈ আহিবলৈ সক্ষম হৈছিল।

আনহাতে মাৰালেণ্ড ডেম’ক্ৰেটিভ ফ্ৰণ্টৰ সৈতে মিত্ৰতাত আবদ্ধ হোৱাৰ পিছত খ্ৰীষ্টান প্ৰধান ক্ষুদ্ৰ ৰাজ্য মিজোৰামৰ নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শনৰ আশা কৰিছে। ২০১৩ চনত ৩৪ খন আসন দখল কৰি চৰকাৰ গঠন কৰা কংগ্ৰেছক পৰাস্ত কৰিবলৈ বিজেপিয়ে চেষ্টা চলাব।