উত্তৰ-পূৰ্বাঞ্চলৰ দুখন খ্ৰীষ্টান অধ্যুষিত ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে মোহন ভাগৱতে দোহাৰিলে-ভাৰত এখন হিন্দু ৰাষ্ট্ৰ

আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

অহা ফেব্ৰুৱাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ দুখন খ্ৰীষ্টান অধ্যুষিত ৰাজ্যত বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ মাজতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে দেওবাৰে গুৱাহাটীত দোহাৰে যে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ আৰু ভাৰতত বাস কৰা প্ৰতিগৰাকী লোকেই হিন্দু।

‘’ ভাৰত আৰু হিন্দুত্ব অংগাংগীভাৱে জড়িত। হিন্দুত্বক বাদ দি আমি ভাৰতৰ কথা ভাৱিব নোৱাৰো। ভাৰতত বিভিন্ন ভাষা আছে, ইয়াত বিভিন্ন পৰম্পৰা আৰু জীৱন যাত্ৰাৰ ধৰণ আছে কিন্তু এই সকলোবোৰৰেই মূলতে আছে এটা দৰ্শন আৰু সেয়া হৈছে হিন্দুত্ব যিয়ে আমাক ঐক্যবদ্ধ কৰি ৰাখিছে,’’-খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত লুইতপৰীয়া হিন্দু সমাৱেশত ভাষণ দি ভাগৱতে এইদৰে কয়।

উত্তৰ-পূৰ্বাঞ্চলৰ দুখন খ্ৰীষ্টান অধ্যুষিত ৰাজ্য মেঘালয় আৰু নাগালেণ্ডত অহা ২৭ ফেব্ৰুৱাৰীত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

মেঘালয়ৰ ৮৩ শতাংশ জনসংখ্যা হৈছে খ্ৰীষ্টান আৰু নাগালেণ্ডৰ ৯০ শতাংশ লোকেই নিজকে খ্ৰীষ্টান বুলি পৰিচয় দিয়ে।

তথ্য অনুসৰি মেঘালয়ত মাত্ৰ ১১ শতাংশ লোকহে হিন্দু আৰু নাগালেণ্ডত হিন্দুৰ সংখ্যা মাত্ৰ ৭ শতাংশ।

আৰএছএছৰ মুৰব্বী গৰাকীৰ ‘হিন্দু ৰাষ্ট্ৰ’ৰ উক্তিয়ে এই দুখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত কেনে প্ৰভাৱ পেলায় সেয়া এতিয়াই স্পষ্ট নহয় যদিও ভাগৱতৰ মন্তব্য নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া এই দুখন ৰাজ্যৰ খ্ৰীষ্টান লোকসকলে সহজভাৱে গ্ৰহণ কৰিব বুলি আশা কৰিব নোৱাৰি।

আৰএছএছৰ ৰাজনৈতিক শাখা বিজেপিয়ে ত্ৰিপুৰাৰ লগতে নাগালেণ্ড আৰু মেঘালয়ত ক্ষমতা লাভৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে।

উত্তৰ পূৰ্বাঞ্চলত অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰকে ধৰি তিনিখন ৰাজ্যত বিজেপি ইতিমধ্যে ক্ষমতাত আছে।

‘’হিন্দুসকলে সত্যত বিশ্বাস কৰে, কিন্তু বিশ্বই শক্তিক সন্মান কৰে। আমাৰ সংগঠনত শক্তি আছে। সংঘৰ শক্তি কাকো ভয় দেখুৱাবলৈ বা দমন কৰিবলৈ নহয়, এয়া সমাজৰ বিকাশৰ বাবেহে,’’-তেওঁ কয়।

ভাগৱতে কয় যে ভাৰতত বৈচিত্ৰতাৰ মাজত একতা আছে আৰু দেশৰ জনসাধাৰণৰ বাবে এয়া এক ডাঙৰ উপহাৰ।

সকলো বৈচিত্ৰ্যকে গ্ৰহণ তথা সন্মান কৰক। এইটোৱে জীৱনত মানৱতাক তুলি ধৰিব। বৈচিত্ৰতাৰ মাজত একতাৰ এই উপহাৰ আমাক আমাৰ জন্মভূমিয়ে দিছে,’’-তেওঁ কয়।

পকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ কথা উল্লেখ কৰি আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয় যে ভাৰতে পাকিস্তানৰ সৈতে শত্ৰুতা পাহৰি গৈছিল,  কিন্তু পাকিস্তানে পাহৰা নাই।