NORTHEAST NOW (Assamese)

অসমতো প্ৰৱেশ ঘটিল নেকি অনাৰ কিলিঙৰ বীজাণু? : নিজৰ মাকৰ বিৰুদ্ধেই আনিলে স্বামীক হত্যাৰ অভিযোগ

June 8, 2018 11:11 pm · ছফিকুল আহমেদ
নিহত আশ্ৰাফ আলী আৰু তেওঁৰ পত্নী।

উত্তৰ ভাৰতত চলা কুখ্যাত সামাজিক ব্যাধি অনাৰ কিলিঙৰ বীজাণু অসমতো প্ৰৱেশ ঘটিল নেকি? গোৱালপাৰাত ৭ জুনৰ নিশা সংঘটিত এটা হত্যাৰ ঘটনাই এনেকুৱা এটা দুৰ্ভাৱনাৰ কাষ চপাই নিলে অসমৰ মানুহক।

ঘটনাটোত নিজৰ স্বামীক হেৰুওৱা মহিলাগৰাকীয়ে আজি সাংবাদিকৰ আগত কয়, “মোৰ মায়েই মোৰ স্বামীক হত্যা কৰিছে। এই হত্যাৰ আঁৰত তেৱেঁ আছে। তেওঁ আমাৰ প্ৰেম আৰু বিয়াক সমৰ্থন কৰা নাছিল।”

হত্যাৰ বলি হোৱা আশ্ৰাফ আলীৰ পত্নীয়ে নিজৰ মাক লাবণ্য বৰাৰ বিৰুদ্ধে অনা এই গুৰুতৰ অভিযোগ বিশেষ তাৎপৰ্য্যপূৰ্ণ বিবেচিত হৈছে। আনহাতে গোৱালপাৰাৰ আৰক্ষীয়ে নিশাই ঘটনাত জড়িত থকাৰ সন্দেহত সুভাষ ৰয় আৰু জ্যোতিষ ৰয় নামৰ দুজনক আটক কৰিছে। ইয়াৰে সুভাষ ৰয়ক প্ৰধান অভিযুক্ত বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে প্ৰেমৰ সূত্ৰে তিনি মাহ পূৰ্বে নগাৱঁৰ কামপুৰৰ এগৰাকী হিন্দু ছোৱালীক বিয়া কৰাইছিল গোৱালপাৰাৰ আশ্ৰাফ আলীয়ে। এখন মোবাইল হেণ্ডছেটৰ দোকান দি জীৱিকা উলিওৱা আশ্ৰফ আলীক বৃহস্পতিবাৰৰ নিশা দোকানৰ পৰা ঘৰলৈ ঘূৰি যাওঁতে অচিনাক্ত আততায়ীয়ে গুলীয়াইছিল। তেওঁক ততাতৈয়াকৈ গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ অনা হৈছিল যদিও পিছত মৃত্যু হয়।

জানিব পৰা মতে, আশ্ৰাফ আলীৰ পত্নীক মাকৰ ঘৰৰ মানুহে বিয়াত বাধা দিয়াৰ লগতে বিয়া হ’লে ছুপাৰি কিলাৰ লগাই তেওঁৰ স্বামীক হত্যা কৰা হ’ব বুলি মাকে সকীয়াই দিছিল। আনহাতে এই বাধা নেওচি বিয়াৰ হোৱাৰ পিছত মাকৰ ঘৰৰ পৰিয়ালটোৱে তেওঁক দুবাৰকৈ জোৰ কৰি ঘৰলৈ ঘূৰাই নিছিল। কিন্তু তাৰ পিছতো তেওঁ নিজৰ মৰমৰ স্বামীৰ ওচৰলৈ ঘূৰি আহিছিল। অৱশেষত সমাজৰ সংকীৰ্ণতাৰ বাবে কেৱল ধৰ্মটো বেলেগ হোৱা বাবেই তেওঁ নিজৰ স্বামীৰ জীৱনৰ দাম ভৰিব লগীয়া হ’ল।

আনহাতে, আমাৰ সাংবাদিকৰ আগত গোৱালপাৰাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই কয়, “আমি কেছটোৰ তদন্ত কৰি আছো। হত্যাৰ বলি হোৱা যুৱকজনৰ পত্নীৰ ভাষ্য বিবেচনা কৰাৰ লগতে সকলো সম্ভাৱনা চাই আছো।”

উল্লেখযোগ্য যে হত্যাৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত সৃষ্টি হ’ব পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰাকৈ নিৰাপত্তা ব্যৱস্থাত চকু ৰখা হৈছে। আমছুৱে ঘটনাটোত জড়িত অপৰাধীক শাস্তি দিয়াৰ লগতে নিহতৰ পৰিয়াললৈ দহ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে।

Related News