উদীয়মান শিল্পী অগিন নায়ামক সম্বৰ্ধনা অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ

With Ogin Nayam 1-1

আজি অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে চিত্ৰশিল্পী অগিন নায়ামক সম্বৰ্ধনা জনায়। অৰুণাচলৰ ৰাজ্যিক স্মাৰকটো সৃষ্টি কৰাত থকা তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক এই সন্মান জনোৱা হয়।

২০১৭চনৰ ফেব্ৰুৱাৰিত অৰুণাচল ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰাৰ ৩০বছৰ পূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যখনৰ আটাইতকৈ প্ৰতিশ্ৰুতিসম্পন্ন যুৱ শিল্পী অগিনৰ এখন পেইণ্টিং এখন গ্ৰহণ কৰা হৈছিল।

কাগজত পানী ৰঙেৰে অংকিত এই পেইণ্টিংখনৰ শিৰোনাম হৈছে ‘অৰুণাচল ৰাইজিং’। এই পেইণ্টিংখনত প্ৰতীকাত্মৰ ৰূপত অৰুণাচলৰ উত্থানক আৰু ইয়াৰ গৌৰৱোজ্বল ভৱিতষ্যতক লৈ এটা উড়ন্ত বৰ ধনেশ পখীৰ মাজেৰে প্ৰকাশ কৰা হৈছিল।

উল্লেখ্য যে বৰ ধনেশ পখী (Buceros bucornis) হৈছে অৰুণাচলৰ ৰাজ্যিক পখী আৰু চৰকাৰৰ প্ৰতীক চিহ্ন।

এই পেইণ্টিংখন অতি উত্তম ছাৰোভস্কি স্ফটিকেৰে পুণৰ সৃষ্টি কৰা হৈছে। উল্লেখ্য যে লেড-বিহীন ছৰোভস্কি স্ফটিক এটা পেটেণ্টেড দ্ৰব্য। এই পেইইণ্টিঙত ব্যৱহৃত স্ফটিকখনি ভাৰতৰ ৰাষ্ট্ৰপতিক উপহাৰ হিচাপে প্ৰদান কৰা হৈছিল।

অগিন হৈছে অৰুণাচলৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন শিল্পী। তেওঁ ইটানগৰৰ বাসিন্দা। তেওঁ সাধাৰণতে পানী ৰঙেৰে শিল্প সাধনা কৰে যদিও মাজে মাজে মিশ্ৰ মাধ্যমতো পৰীক্ষা নিৰীক্ষা কৰি আহিছে। তেওঁ হৈছে এগৰাকী স্ব-প্ৰশিক্ষিত চিত্ৰশিল্পী আৰু তেওঁৰ শিল্প সৃষ্টিৰ শৈলী হৈছে এটা মুক্ত আৰু নিজস্ব শৈলী।