উদ্ভট মন্তব্য অমিত শ্বাহৰ : ধলা-শদিয়া দলং নিৰ্মাণৰ জৰিয়তে ভূপেন হাজৰিকাক বিশ্ববিখ্যাত কৰিলে বিজেপিয়ে

নেডাৰ সভাত অমিত শ্বাহ। ফটো : য়ু বি।

আজি ‘নেডা’ৰ অভিৱৰ্তনত ভাগ ল’বলৈ অসমলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নিজৰ ভাষণত মোদী বন্দনা আৰু মিথ্যাচাৰৰ বিৰল সংমিশ্ৰণ ঘটোৱাই নহয়, উদ্ভট মন্তব্যৰে সকলো সীমা চেৰাই যোৱাৰ চেষ্টা কৰিলে।

বিজেপিৰ নেতাসকলৰ উদ্ভট মন্তব্য কৰাৰ পৰম্পৰা ৰক্ষা কৰি দলটোৰ ৰাষ্ট্ৰীয় সভাপতিজনে আজি অসমৰ বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাক লৈ উদ্ভট মন্তব্য কৰে। তেওঁ কয় যে বিজেপিয়ে ধলা-শদিয়া দলঙৰ জৰিয়তে শিল্পীজনক ভাৰতৰ লগতে বিশ্বৰ আগতো পৰিচিত কৰি তুলিলে। ইণ্টাৰনেটত এতিয়া সন্ধান কৰিলেই ভূপেন হাজৰিকাৰ নাম ওলায় বুলি কয়।

আনহাতে ৰাজ্যখনৰ দুটাকৈ কাগজ কল প্ৰায় মৰো মৰো হৈ থকা অৱস্থাত আৰু কৰ্মচাৰীয়ে দৰমহাৰ বাবে দুবছৰ বাট চাব লগীয়া অৱস্থাত বিজেপিৰ সভাপতিজনে বাঁহ খেতিৰ জৰিয়তে কাগজ কল স্থাপনেৰে জনজাতীয় লোকসকলৰ বাবে ভাৰতত ১ লাখ কোটি টকাৰ ব্যৱসায় মুকলি কৰিব পৰা যাব বুলি কয়।

মন কৰিব লগীয়া যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনৰ মন্তব্যত অসমৰ সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ, প্ৰয়াত ড০ ভূপেন হাজৰিকাৰ প্ৰতি অসন্মান তথা তাচ্ছিল্য প্ৰকাশ হোৱা বুলি মন্তব্য কৰিছে সচেতন লোকসকলে। এখন দলঙেহে ড০ ভূপেন হাজৰিকাক বিখ্যাত কৰিলে নেকি বুলি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে প্ৰশ্নবাণ এৰিছে বিজেপিলৈ।

উল্লেখযোগ্য যে কংগ্ৰেছৰ দিনতে নিৰ্মাণৰ বাবে প্ৰকল্প গ্ৰহণৰ লগতে পুঁজি মুকলি হোৱা তথা নিৰ্মাণ আৰম্ভ হোৱা ধলা-শদিয়া দলংখন বিজেপিৰ চৰকাৰৰ দিনত সম্পূৰ্ণ হৈছিল। দলংখনক লৈ দুয়োটা ৰাষ্ট্ৰীয় দলেই নিজৰ নিজৰ কৃতিত্ব দাবী কৰি আহিছে। কিন্তু এই ৰাজনৈতিক অৰিয়াঅৰি চেৰাই গৈ অমিত শ্বাহে দলংখনৰ দ্বাৰাহে শিল্পীজন বিশ্বৰ আগত চিনাকি হৈ পৰিল বুলি কোৱা কথাটো হজম কৰিব পৰা নাই শিল্পীজনৰ কোটি কোটি অনুৰাগী তথা অসমবাসীয়ে।