উন্মত্ত জনতাৰ হিংসাত্মক কাৰ্যৰ পিছত শ্বিলঙত সান্ধ্য আইন জাৰি

Curfew-imposed-24009-570x320

ফাইল ফটো : ইণ্ডিয়া টিভিৰ সৌজন্যত

মেঘালয়ৰ শ্বিলং চহৰত সান্ধ্য আইন বলবৎ কৰা হৈছে। বৃহস্পতিবাৰে নিশা ৰাজধানী চহৰখনৰ মটফ্ৰান অঞ্চলত এদল উত্তেজিত জনতা আৰু আৰক্ষীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ মোকাৱিলা কৰিবলৈ এই সান্ধ্য আইন জাৰি কৰি হৈছে।

উত্তেজিত জনতা মটফ্ৰান অঞ্চলটোত শুকুৰবাৰে ৰাতিপুৱালৈকে জুম বান্ধি আছিল আৰু তেওঁলোকে থেম লেউ মাওলঙলৈ যাবলৈ উদ্যত হৈছিল। উল্লেখযোগ্য যে থেম লেউ মাওলঙত (হৰিজন কলনি) বাস কৰা কোনো ব্যক্তি আৰু শ্বিলং ৰাজহুৱা পৰিবহন সেৱাৰ চালকৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল।

উত্তেজিত জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল যদিও তেওঁলোকে মটফ্ৰান অঞ্চলৰ পৰা আঁতৰি যোৱা নাছিল। ইয়াৰ বাবেই প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিবলগীয়া হয় বুলি জানিব পৰা গৈছে।