• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উপাচাৰ্যৰ পদত্যাগৰ দাবীত মণিপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ কাৰ্যসূচীৰ ৭ দিন

সভাপতি চামম by সভাপতি চামম
June 7, 2018 5:41 pm
deserted manipur university main gate in manipur on wednesday
95
VIEWS
Share on FacebookShare on Twitter

মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক আদ্য প্ৰসাদ পাণ্ডেৰ পদত্যাগৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচীয়ে বৃহস্পতিবাৰে  ৭ দিনত ভৰি দিলে। উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে শিক্ষাৰ পৰিৱেশ বিনষ্ট কৰা আৰু বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে কেনো উদ্যোগ গ্ৰহণ কৰাত অপাৰগ হোৱাৰ  অভিযোগ তুলি  ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ অপসাৰণৰ দাবীত এই ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে। এই ধৰ্মঘটৰ ফলত বিশ্ববিদ্যালয়খনৰ স্বাভাৱিক কাম-কাজত ব্যঘাত জন্মাটো পৰিলক্ষিত হৈছে।

৩১ মে’ৰ পৰা আৰম্ভ হোৱা এই বন্ধ প্ৰশাসনিক ব্লকৰ আশে-পাশে সীমাবদ্ধ আছিল যদিও পৰৱৰ্তী সময়চোৱাত বন্ধই শিক্ষাৰ  উচ্চতম প্ৰতিষ্ঠানখনৰ গোটেইকেইটা বিভাগকেই সামৰি লয়।

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে উপাচাৰ্যগৰাকীৰ তৎকালীনভাৱে অপসাৰণ দাবী কৰাৰ লগতে মাৰ্চ মাহত অনুষ্ঠিত হৈ যোৱা ইণ্ডিয়ান ছাইন্স কংগ্ৰেছ আৰু ফেকাল্টী নিয়োজন সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশৰ দাবী উত্থাপন কৰে।

আজি বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰাৰ সময়ত সাধাৰণতে নিয়মিত পাঠদানৰ উপৰিও বিভিন্ন বিদ্যায়তনিক কাম-কাজেৰে মুখৰ হৈ থকা, ইম্ফলৰ পৰা ৫ কি: মি: দূৰত্বত অৱস্থিত বিশ্ববিদ্যালয়ৰ সমগ্ৰ কাঞ্চিপুৰ চৌহদত এক নিমাওমাও পৰিৱেশে বিৰাজ কৰাটো এই প্ৰতিৱেদকৰ চকুত ধৰা পৰিছিল।

উপাচাৰ্যৰ কাৰ্যালয়সহ প্ৰধান প্ৰশাসনিক ব্লক আৰু বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ আৰু কেন্দ্ৰসমূহ তলাবদ্ধ অৱস্থাত দেখা পোৱা গৈছিল।

অৱশ্যে বিশ্ববিদ্যালয়ৰ চৌহদত অৱস্থিত ষ্টেইট বেংক আৰু বেংক অব বৰোদাৰ কাৰ্যালয় দুটা বুধবাৰে বন্ধ আছিল যদিও বৃহস্পতিবাৰে পুনৰ খোলা হয়।

আজি এই প্ৰতিৱেদকে বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰা কালত মাথোঁ ইয়াত নিয়োজিত নিৰাপত্তাৰক্ষীসকল, ছাত্ৰাৱাসত থকা শিক্ষাৰ্থীকেইগৰাকীমান আৰু প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলকহে বিশ্ববিদ্যালয়ৰ চৌহদত দেখা পাইছিল।

ইতিমধ্যে মণিপুৰৰ চিপিআই দলে ছাত্ৰ আন্দোলনটোলৈ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

বাতৰি প্ৰস্তুত কৰাৰ সময়লৈকে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পৰা হোৱা নাই।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd