উপায়হীন ৰাজ্যিক বিজেপি : নিয়ন্ত্ৰণ কৰিব পৰা নাই শিলাদিত্য দেবক

Shiladitya Dev

ফাইল ফটো

সততে বিতৰ্কিত আৰু প্ৰৰোচনামূলক মন্তব্য কৰি চৰ্চাত থকা হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবক লৈ উপায়হীন হৈ পৰিছে ৰাজ্যিক বিজেপি। কিয়নো বিতৰ্কিত আৰু স্পৰ্শকাতৰ বিষয়ক লৈ মন্তব্য প্ৰকাশ নকৰিবলৈ দলে বাৰে বাৰে বুজনি দিও নিয়ন্ত্ৰণ কৰিব পৰা নাই শিলাদিত্যক। আজি ৮ জুলাইত এই কথা স্বীকাৰ কৰিলে দলৰ স্বয়ং ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

দেওবাৰে মালিগাঁৱৰ ‘ৰং ভৱন’ত সাংবাদিকৰ আগত শিলাদিত্য দেব সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। তেওঁ কয়, ‘আমি দলৰ ফালৰ পৰা তেওঁক এই বিষয়ে জনাইছো। তেওঁক মাতি আনি কোনো ধৰণৰ স্পৰ্শকাতৰ আৰু অপ্ৰিয় কথা যাতে নকয়, তাৰ বাবে আমি অনুৰোধ জনাইছো। তাৰ পাছতো তেওঁ কয়।’

প্ৰায়ে আপত্তিজনক মন্তব্য প্ৰকাশ কৰি থকা বহুবল্কী বিধায়কজনক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈ পৰা দলটোৰ সভাপতি ৰঞ্জিত দাসে উপায়হীন হৈ কয়, ‘শিলাদিত্য দেবে যিয়ে নকওক কিয় সেই বক্তব্য তেওঁৰ ব্যক্তিগত বক্তব্য, সেয়া দলীয় বক্তব্য নহয়।’

কিন্তু শিলাদিত্য দেবৰ বিতৰ্কিত আৰু প্ৰৰোচনামূলক কথাবোৰৰ ভিত্তি সন্দৰ্ভত কৌশলী স্থিতি ল’লে সভাপতি ৰঞ্জিত দাসে। তেওঁ ক’লে, ‘কিছুমান কথা, সত্য কথা, কিন্তু মানুহে শুনিলে অপ্ৰিয় যেন লাগে। আমাৰ পৰিৱেশ তেনেকুৱা হৈছে। বহু কথা আমি আমাৰ জীৱনত দেখিছো, সেয়া সঁচা কথা। কিন্তু সঁচা কথা অপ্ৰিয় হ’লে ক’ব নাপায় বুলি এষাৰ কথা আছে। আমি তেখেতক সেই কথাষাৰ কৈছো।’

উল্লেখ্য যে, পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বিধায়ক শিলাদিত্য দেবক এনেধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱাৰ কথা প্ৰকাশ কৰিছিল।

কিন্তু মুখ্যমন্ত্ৰী কিম্বা বিজেপি দলৰ নেতৃত্বক যেন একপ্ৰকাৰ কেৰেপ নকৰাকৈয়ে এটাৰ পাছত আনটো খিলঞ্জীয়া বিৰোধী আৰু বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি আছে বিধায়ক শিলাদিত্য দেবে।