অটল অমৃত অভিযান, উপ-ৰাষ্ট্ৰপতিৰ উদ্বেগ আৰু অসমৰ স্বাস্থ্য খণ্ডৰ দুৰৱস্থা

অসম চৰকাৰে প্ৰবৰ্তন কৰা নগদবিহীন বীমা আঁচনি ‘অটল অমৃত অভিযান’ৰ শুভাৰম্ভ কৰি উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে কেবাটাও বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।

অসম চৰকাৰৰ এই অভিলাসী আঁচনিক প্ৰশংসা কৰাৰ লগতে সামগ্ৰিকভাৱে অসমৰ স্বাস্থ্য খণ্ডৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে ভেংকায়া নাইডুৱে অসমত নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ উচ্চ হাৰক লৈ চিন্তিত বুলি প্ৰকাৰন্তৰে কয়।

দেশৰ ভিতৰতে ব্যতিক্ৰম এই বীমা আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ মন্তব্য অসম চৰকাৰ তথা বিশেষকৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন অনা বুলি সদায় দাবী কৰি আহিছে। চমক সৃষ্টি কৰা আঁচনি গ্ৰহণ কৰিছে ইটোৰ পিছত সিটো। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মাই। এতিয়াও বিজেপি চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব পালন কৰিছে তেওঁ। কিন্তু উপ-ৰাষ্ট্ৰপতিয়ে উদ্বেগ প্ৰকাশ কৰাৰ দৰে সঁচাকৈয়ে অসমৰ স্বাস্থ্য খণ্ডৰ অৱস্থা যথেষ্ট পুতৌজনক।বিশেষকৈ চৰকাৰী স্বাস্থ্য খণ্ডৰ দুৰৱস্থাই সৰ্বসাধাৰণ লোকৰ জীৱনলৈ অমানিশা মাতি আনিছে।

অসমৰ স্বাস্থ্য খণ্ডৰ বৰ্তমান অৱস্থা কেনেকুৱা তাক যিকোনো লোকে ৰাজ্যৰ যিকোনো ঠাইলৈ গ’লেই বুজিব পাৰিব। ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ প্ৰয়োজনেই নাই। আমি সাংবাদিক হিচাপে দিনটো সৰহ ভাগ খবৰ পাওঁ চৰকাৰী চিকিৎসালয়ৰ দুৰাৱস্থা, চিকিৎসালয়ত চিকিৎসক-চিকিৎসা কৰ্মীৰ অভাৱ, ঔষধৰ নাটনিকে ধৰি আন আন আন্তঃগাথনি নথকাৰ বিষয়ে।

গ্ৰামাঞ্চলৰ চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি জিলা সদৰত থকা অসামৰিক চিকিৎসালয় লৈকে সকলোতে একেই পৰিস্থিতি। অতি ভিতৰুৱা অঞ্চলত চিকিৎসা সেৱাৰ নামত চলিছে প্ৰহসন। চিকিৎসকৰ অভাৱত চতুৰ্থ বৰ্গৰ স্বাস্থ্য কৰ্মীয়ে চিকিৎসালয় চলোৱাৰ বহু উদাহৰণ আছে। গাঁও অঞ্চলত এতিয়াও পৰ্যাপ্ত চিকিৎসক নাই। গাঁৱৰ চিকিৎসালয়ত নিযুক্ত চিকিৎসকে চিকিৎসালয়লৈ নোযোৱাকৈয়ে থাকে।

চিকিৎসকৰ সংখ্যা কম হোৱাতো আমাৰ ৰাজ্যখনৰ বাবে বিশেষ সমস্যাৰ কাৰণ হৈ পৰিছে।

কিন্তু প্ৰশ্ন হয়- চৰকাৰী চিকিৎসকক দায়িত্ব পালন কৰিবলৈ কিয় উৰ্ধতম মহলে বাধ্য কৰাব নোৱাৰে। স্বাস্থ্যমন্ত্ৰীয়ে সভাই-সমিতিয়ে কৰ্তব্যত গাফিলতি কৰা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব বুলি সকীয়াই থাকে। বাস্তৱত তাৰ ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে।

বহু অঞ্চলত চিকিৎসকৰ অনিয়মীয়া উপস্থিতিৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে অভিযোগ দিয়াৰ সত্ত্বেও কোনো সুফল নাপায়। প্ৰশ্ন হয় যে- কিয় চিকিৎসকে নিজৰ দায়িত্ব পালন কৰিব নিবিচাৰে। তেওঁলোকক দায়িত্ব পালনৰ বাবে উদ্বুদ্ধ কৰিব পৰা নাই কিয় চৰকাৰে?

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে চিকিৎসকৰ পৰা আৰম্ভ কৰি চতুৰ্থ বৰ্গৰ স্বাস্থ্য কৰ্মীৰ মাজত কাম কৰাৰ এক উদ্বীপনাময় পৰিৱেশ গঢ়িব পাৰিব লাগিছিল। কেৱল ভয়, ভাবুকিৰে কৰ্মচাৰীক কামত মনোনিবেশ কৰাব নোৱাৰে। সেই কথা চৰকাৰে উপলব্ধি কৰিব লাগিব। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে স্বাস্থ্য বিভাগৰ লোকৰ পৰা এই অভিযোগেই শুনা যায়।

অসম চৰকাৰে স্বাস্থ্য খণ্ডত গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহ কিমান কাৰ্যকৰী হৈছে তাৰ সঠিক মূল্যায়নৰ দৰকাৰ। কেবাটাও জটিল ৰোগত আক্ৰান্ত ৰোগীক অৰ্থ সাহায্য আগবঢ়োৱা আঁচনিৰ বাহিৰে আন আঁচনিসমূহ এক প্ৰকাৰ সম্পূৰ্ণ বিফল হৈছে। কিছুমান আঁচনি এক প্ৰকাৰ অচল হৈ পৰিছে। কিন্তু এইবোৰলৈ ভ্ৰূক্ষেপ নাই স্বাস্থ্য মন্ত্ৰীৰ। নতুন নতুন আঁচনি ঘোষণা কৰি কেৱল চমকহে সৃষ্টি কৰাত ব্যস্ত তেওঁ।

ৰাষ্ট্ৰীয় সমীক্ষাত প্ৰকাশ পোৱা তথ্যক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কিদৰে গ্ৰহণ কৰিব? দেশত প্ৰতি এহাজাৰ নৱজাতকৰ ভিতৰত মৃত্যুৰ হাৰ ৩৭ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ ৪৪ শতাংশ। প্ৰসূতিৰ মৃত্যুৰ হাৰ অসমত ১ লাখৰ ভিতৰত ৩০০। আনহাতে ৰাষ্ট্ৰীয় স্তৰত এই হাৰ ১৫৭। এই তথ্যই দেখুৱাইছে ভয়াৱহ ছবিখন। এই হাৰ হ্ৰাস কৰাৰ বাবে কি ব্যৱস্থা লোৱা হৈছেনে?

গৰ্ভৱতী মহিলাক সন্তান প্ৰসৱৰ বাবে ঠেলা, গৰু গাড়ীত হাস্পতাললৈ নিবলগীয়া হোৱা ঠাই অসমত বহুত আছে। নিতৌ সেই খবৰ সংবাদমাধ্যমত প্ৰকাশ পাই থাকে। অসম চৰকাৰে চৰকাৰী চিকিৎসা খণ্ডত বিশেষভাৱে মনোনিবেশ কৰা উচিত। কাৰণ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক লোকৰ আশাৰ থলী চৰকাৰী চিকিৎসালয়। চৰকাৰী চিকিৎসা খণ্ডৰ এশ এবুৰি সমস্যা দূৰ কৰিব লাগিব।

নতুনকৈ প্ৰৱৰ্তন কৰা স্বাস্থ্য বীমা আঁচনিয়ে ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ গৰিষ্ঠ সংখ্যক লোকক সামৰি ল’ব। এই বীমা আঁচনি সঠিকভাৱে ৰূপায়ন কৰিব পাৰিলে সকলো লোকেই সকাহ পাব। আৰু অসম চৰকাৰ স্বাস্থ্য বীমাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে বাটকটীয়া হ’ব। ‘অটল অমৃত অভিযান’ৰ স্বাস্থ্য বীমাক যিকোনো লোকেই প্ৰশংসা কৰিব। তাক সমালোচনা কৰাৰ প্ৰশ্ন নাহে।

কিন্তু ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ দুখ লগা অৱস্থাৰ পৰিপ্ৰেক্ষিততহে ইয়াৰ কাৰ্যকৰীকৰণক লৈ স্বাভাৱিকতে সন্দেহ ওপজে। সেই সন্দেহ অমূলক হ’লেই ভাল। তাৰ নিশ্চয়তা দিব পাৰিবনে চৰকাৰে? মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শক্তিশালী অসমৰ কথা কৈ থাকে। কিন্তু, স্বাস্থ্যহে এটা জাতিৰ মূল ধন। দুৰ্বল স্বাস্থ্যৰ মানুহৰ এখন ৰাজ্য কেতিয়াও শক্তিশালী হ’ব নোৱাৰে। দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কোৱা কথা হৃদয়ংগম কৰিব পাৰিবনে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

(লেখক গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক। তেখেতৰ ই মে’ইল : bora.bhaskarjyoti@yahoo.com)