উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ ভ্ৰমণৰ পূৰ্বে তৎপৰ ছিকিম ৰাজ্যিক প্ৰশাসন

Sillim-CS-570x320

অহা ১৫ আৰু ১৬ জুনত ছিকিম ভ্ৰমণলৈ আহিব ভাৰতৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু । ইয়াকে লৈ তৎপৰ হৈ পৰিছে ছিকিম ৰাজ্য চৰকাৰ। উপ ৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্যসূচী সম্পৰ্কে তথা সুৰক্ষা সম্পৰ্কত বৃহস্পতিবাৰে ৰাজ্যখনৰ মুখ্য সচিব একে শ্ৰীবাস্তৱৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

উপ ৰাষ্ট্ৰপতি নাইডুৰ প্ৰত্যেকটো কাৰ্যসূচীৰ ওপৰতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই সম্পৰ্কে বৈঠকত আলোচনা কৰা হয়। তাৰোপৰি নিজৰ নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে মুখ্য সচিব শ্ৰীবাস্তৱে।

উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে ছিকিমত উপস্থিত হ’বলগীয়া উপ ৰাষ্ট্ৰপতি নাইডুৱে আইচিএফএআই য়ুনিভাৰ্ছিটিৰ সমাৱৰ্তন অনুষ্ঠানৰ লগতে পূব ছিকিমৰ পাকিয়ঙস্থিত অৰ্কিডৰ ৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰত এখন বৈঠকত অংশ ল’ব। ইয়াৰ উপৰি এই ভ্ৰমণ কালতে গৱেষণা কেন্দ্ৰটোৰ বৈজ্ঞানিক সকলৰ লগত এক মত-বিনিময় কাৰ্যসূচীতো অংশ ল’ব বুলি জানিবলৈ দিয়ে।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে মুখ্য সচিব শ্ৰীবাস্তৱে সকলো চৰকাৰী বিভাগৰে মুৰব্বীসকলক সম্পূৰ্ণ সহায় সহযোগিতাৰে কাম কৰি যাবলৈ নিৰ্দেশ দিছে।

বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা এই গুৰুত্বপূৰ্ণ বৈঠকত মুখ্য সচিবৰ উপৰি ৰাজ্যখনৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া, সেনাৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃত্ব উপস্থিত আছিল।