উৎপল বৰপূজাৰীৰ শিশুৰ ছবি ‘ইশু’ৱে পালে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফে’স্তিভেলত জুৰিৰ বিশেষ সন্মান

utpal-borpujari-ishu

উৎপল বৰপূজাৰী

বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফে’স্তিভেলত ভাৰতীয় প্ৰতিযোগিতা শিতানত জুৰিৰ বিশেষ সন্মান পালে চিনে’মা সমালোচকৰ পৰা নিৰ্মাতা হোৱা উৎপল বৰপূজাৰীৰ চিনে’মা ইশুৱে।

বঁটাপ্ৰাপ্তিক লৈ বৰপূজাৰীয়ে ‘বঁটাতো গ্ৰহণ কৰি মই যথেষ্ঠ সুখী আৰু ইয়াক মোৰ কামৰ স্বীকৃতি হিচাপে লৈছো। এইটো এটা ডাঙৰ সন্মান আৰু আশা কৰিছো ই অসমীয়া চিনে’মাৰ এক গতিবৰ্ধক হিচাপে কাম কৰিব’ বুলি এন ই নাওক কয়।

ভাৰতৰ শিশু চলচ্চিত্ৰ সমাজে প্ৰযোজনা কৰা বৰপূজাৰীৰ এই প্ৰথম চিনে’মাখনে এটি শিশুৰ দৃষ্টিৰে অসমৰ ডাইনী হত্যা পৰ্য্যৱেক্ষণ কৰিছে।

গোৱালপাৰাৰ এখন ভিতৰুৱা গাঁৱৰ ইশুৱে ডাইনীৰ নামত অত্যাচাৰিত হোৱা খুৰীয়েকৰ বাবে কৰা সংগ্ৰামৰ মাজেদি ইশুৱে এই নিষিদ্ধ কাম পৰ্য্যৱেক্ষণ কৰিছে।

পূৰ্বে ‘Mayong: Myth/Reality’, ‘Songs of the Blue Hills’ and ‘Memories of a Forgotten War’ আদি সমালোচকৰ প্ৰশংসিত তথ্যচিত্ৰ নিৰ্মাণ কৰা বৰপূজাৰীয়ে তেওঁৰ কাহিনীসমূহৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত মনোনিৱেশ কৰি আহিছে।

ইশু অসমীয়া লেখিকা মণিকুন্তলা ভট্টাচাৰ্য্যৰ একে নামৰ এখন উপন্যাসক ভিত্তি কৰি নিৰ্মিত হৈছে।

তেওঁৰ পছন্দৰ বিষয় সন্দৰ্ভত বৰপূজাৰীয়ে কয়, ‘নোকোৱাকৈ উত্তৰ-পূৰ্বাঞ্চলত কত কাহিনী আছে।  চিনে’মাৰ এই সকলো আকৰ্ষণীয় ধাৰণাকে একগোট কৰা। তাৰোপৰি যেতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ কথা পতা যায় প্ৰায়েই এটা ঋণাত্মক ছবি এখন মানুহৰ মনলৈ আহে। মই এনে বিষয় বাচি ল’ব খোজো যিবোৰ পূৰ্বে হাত দিয়া হোৱা নাই।’

চিনে’মাখনত বিষ্ণু খাৰঘৰীয়া আৰু টি এল দেৱীৰ লগত মূল ভূমিকাত অভিনয় কৰিছে কপিল গাৰোৱে।

চিনে’মাখনৰ ইশুৰ দৰেই গাৰোও অসমৰ গাঁৱৰ এটি দহ বছৰীয়া শিশু। ৩০০ শিশুৰ মাজৰ পৰা তেওঁক চৰিত্ৰটোৰ বাবে বাচনি কৰা হৈছিল।

বৰপূজাৰীয়ে কয় যে চিনে’মাখন যদিও এটা অন্ধকাৰ বিষয়ক লৈ নিৰ্মিত হৈছে তথাপি ইয়াক এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে শিশুৰ বাবেও ইয়াক প্ৰদৰ্শন কৰিব পৰা যায় আৰু সেয়ে কোনো কটা-কূটা নকৰাকৈ চিবিএফচিয়ে ইয়াক য়ু প্ৰমাণপত্ৰ প্ৰদান কৰিছে।